/asomiyapratidin/media/media_files/2026/02/13/1-2026-02-13-16-29-43.jpg)
ডিডিটেল ডেস্কঃ কামপুৰ মহাবিদ্যালয়ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এটি ব্যায়ামগাৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে । ২০২৪-২৫ বৰ্ষৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক পুঁজিৰ উন্নয়ন শিতানৰ পৰা ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছে এই ব্যায়ামগাৰ। শুভ উদ্বোধনী অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী উপস্থিত থাকি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা ব্যায়ামগাৰৰ শুভ উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsap-2026-02-13-16-30-37.jpeg)
উল্লেখ্য যে, উদ্বোধনী অনুষ্ঠানৰ পাছতে বিধায়কগৰাকীয়ে ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ উপৰি শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। কামপুৰ মহাবিদ্যালয়ত আয়োজন কৰা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ নলিনী বৰাই আঁত ধৰা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অসীম বৰা , উপ-পৌৰপতি জয়ন্ত ফুকন, ৱাৰ্ড কমিছনাৰ ভূপেন লস্কৰ, কামপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰা, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা , ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsapp-i-2026-02-13-16-30-55.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us