কচুৱাত ভূ-মাফিয়াৰ দপদপনি

দিনে নিশাই জেচিবি আৰু ট্ৰেক্টৰেৰে মুকলি পথাৰৰ চৰকাৰী ভূমি খনন কৰি বিক্ৰী কৰাৰ অভিযোগ সচেতন মহলৰ। কাৰ আশীৰ্বাদত চৰকাৰী ৰিজাৰ্ভত ভূ-মাফিয়াই জেচিবিৰে চলাইছে এই খনন কাৰ্য। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কামপুৰঃ সমগ্ৰ অসমৰে বিভিন্ন জিলাত উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ উজানমাৰি,ফাকলি আৰু মৰিসুতী অঞ্চলৰ চৰকাৰী ভূমিত স্থানীয় ভূ-মাফিয়াৰ দপদপনি চলা পৰিলক্ষিত হৈছে। দিনে নিশাই জেচিবি আৰু ট্ৰেক্টৰেৰে মুকলি পথাৰৰ চৰকাৰী ভূমি খনন কৰি বিক্ৰী কৰাৰ অভিযোগ সচেতন মহলৰ। কাৰ আশীৰ্বাদত চৰকাৰী ৰিজাৰ্ভত ভূ-মাফিয়াই জেচিবিৰে চলাইছে এই খনন কাৰ্য। 

aa8314a8-3cdd-442d-b1fc-7d0032a7ffe4

বিয়াগোম বন বিভাগৰ কোনো বিষয়াৰ চত্ৰ ছায়াত চলিছে নেকি এই অবৈধ খনন? এই বুলি এতিয়া প্ৰশ্নৰ উঠিছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলক দেখি জেচিবি লৈ উধাও হয় ভূ-মাফিয়া। জানিব পৰা মতে, জনৈক আমিৰ আলীয়ে জেচিবিৰে খনন কাৰ্য চলোৱাৰ লগতে অবৈধ খনন কাৰ্য চলাই পোৱা ধনৰ মোটা অংকৰে বিয়াগোম বিষয়া কৰ্মচাৰী মেনেজ হৈ থকাৰো অভিযোগ উঠিছে।

6dd88971-3e7d-4898-a239-9f5a22f7a16b

উল্লেখ্য যে, এনে খনন কাৰ্য চলি থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় ব্যৱস্থা নলয় বুলি স্থানীয় লোকে প্ৰশ্ন  উত্থাপন কৰিছে।এতিয়া বিভাগীয় কৰ্তৃপক্ষই চৰকাৰী ভূমিত চলা অবৈধ খনন কাৰ্যৰ প্ৰতি কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সময়তহে লক্ষণীয় হ'ব।

কামপুৰ