/asomiyapratidin/media/media_files/2025/11/30/3-2025-11-30-13-16-29.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ প্ৰকৃতিৰ সুৰক্ষা আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ লক্ষ্যৰে নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চানখোলা,কান্দাপাৰা,জুৰিপাৰ,বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধ ভাবে বসবাস কৰা পৰিয়ালক উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগে। লুটুমাৰী সংৰক্ষিত বনাঞ্চল মুক্ত কৰাৰ উদ্দেশ্যে স্থাপন কৰা আৰক্ষীৰ চাৰিটাকৈ অস্থায়ী শিবিৰলৈ প্ৰায় পাঁচ হাজাৰ আৰক্ষী জোৱান মোতায়ন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-13-13-20.jpeg)
জানিব পৰা মতে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত ১৭০০ পৰিয়ালে ৫,৯৬২ বিঘা চৰকাৰী ভূমিত ২০৭০ টা কেঁচা ঘৰ আৰু ১৯২ টা পকী ঘৰ সাজি অবৈধ ভাবে দখল কৰি বসবাস কৰি আছিল বেদখলকাৰী সকলে। দখলদাৰী সকলে থিতাপী লোৱাৰ পূৰ্বে গভীৰ বনাঞ্চলৰ মূল্যবান গছ সমূহ বন বিভাগৰ ব্যৰ্থতাৰ বাবে চোৰাং কাঠৰ ব্যৱসায়ী সকলে কাটি তহিলং কৰিছিল । তাৰ কিছু বছৰ পাছতে কাষৰীয়া এলেকাৰ লোক সকল একাংশই নিজে মাটি দখল কৰাৰ লগতে আন এচামে মাটি সমূহ দখল কৰি দখলদাৰী সকললৈ বিক্ৰী কৰিছিল। এই বসতি প্ৰদান অঞ্চল সমূহত চৰকাৰে বিজুলী যোগান,শিক্ষানুষ্ঠান স্থাপন কৰাত দখলদাৰী সকলে পকীঘৰ সমূহ নিৰ্মাণ কৰিছিল। শেহতীয়া ভাৱে এই উচ্ছেদ অভিযানে উচ্ছেদিত পৰিয়াল সমূহলৈ কাল অমানিশা মাতি আহিছে। ইফালে আগন্তুক মেট্ৰিক পৰীক্ষাৰ দিন চমু-চাপি অহাত ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনতো এই উচ্ছেদে ধ্বংস নমাই আনিছে বুলি উচ্ছেদিত লোক সকলে জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-13-13-55.jpeg)
বন বিভাগৰ উচ্ছেদৰ জাননী পোৱাৰ পাছত বহু বেদখলকাৰী পৰিয়ালে নিজে নিজে বাসগৃহ ভাঙি সেই স্থানৰ পৰা যায় গৈ বুলি জানিব পৰা গৈছে। উক্ত বনাঞ্চলত ৩ টা মছজিদ,২ খন চৰকাৰী বিদ্যালয় ক্ৰমে মাজগাঁও বি নিউ এল পি স্কুল,লটুমাৰী এন চি প্ৰাথমিক বিদ্যালয়, ৭ টা অংগনাবাদী কেন্দ্ৰ ক্ৰমে ২১৭ নং মাটিখোলা ,২১৯ নং খেৰণী ,২২১নং বৰপুখুৰী পাৰ ,২৪৪ নং খেৰনি মোক্তাপ ,২৯৩ নং খেৰনী মাজগাওঁ ,৪৪৭ নং খেৰনী ১২ নং টঙিয়া ভঙা ,৪৫১ নং খেৰনী ১ নং বিজয়পুৰ অংগণৱাডী কেন্দ্ৰ আৰু ৩ খন জলজীৱন মিছন আঁচনি থকা বুলি জানিব পৰা গৈছে। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে বেদখল কৰি বসবাস কৰা লোকৰ ঘৰ-দুৱাৰ, গছ-গছনি ,দুটিকৈ মছজিদ এফালৰ পৰা জেচিবিৰে ভাঙি পেলাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-13-14-13.jpeg)
ইপিনে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ পাছত বহু উচ্ছেদিত লোকে থাকিবলৈ ভূমি নথকাত পথাৰৰ মাজত, ৰাস্তাত আশ্ৰয় লৈ আছে আৰু লোকসকলক বসবাস কৰিবলৈ ভূমি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনায়। উচ্ছেদস্থলীত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা,নগাঁও জিলাৰ বন প্ৰাধিকাৰী সুহাষ কদম,নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়া আৰু বন বিষয়া সকল উপস্থিত থাকি উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে পৰিচালনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us