পঞ্চভূতত বিলীন হল শ্বহীদ মহেন্দ্ৰ লস্কৰ....

ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত এক আই-ই-ডি বিস্ফোৰণত শ্বহীদ হোৱা বীৰ জোৱান মহেন্দ্ৰ লস্কৰৰ শেষকৃত আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়

author-image
Asomiya Pratidin
New Update
new ap web 1 (3)

ডিজিটেল সংবাদ, কামপুৰঃ ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত এক আই-ই-ডি বিস্ফোৰণত শ্বহীদ হোৱা বীৰ জোৱান মহেন্দ্ৰ লস্কৰৰ শেষকৃত আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। কামপুৰৰ কোঁৱৰীআটিত জোৱান জনৰ নিজা বাসগৃহত সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শোকাকুল পৰিবেশৰ মাজৰে শেষকৃত সম্পূৰ্ণ কৰা হয়।

উল্লেখ্য যে, ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত সংঘটিত হৈছিল এই আই-ই-ডি বিস্ফোৰণটো। সেই বিস্ফোৰণত নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ তথা CRPFৰ ৬০ নম্বৰ বেটেলিয়নৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত মহেন্দ্ৰ লস্কৰ নামৰ জোৱানজন শ্বহীদ হয় ।

বীৰ জোৱানজনে সেইদিনা ১১/১২ জনীয়া ৬০ বেটেলিয়ানৰ দল এটাৰ সৈতে তহল দি আগবাঢ়ি গৈ থাকোতেই এই বিস্ফোৰণটো সংঘটিত হয় বুলি তেওঁৰ কামপুৰৰ বাসগৃহলৈ খবৰ আহিছিল। এই বিস্ফোৰণত মহেন্দ্ৰ লস্কৰ নিহত হোৱাৰ লগতে আন জোৱানসকল আহত হয় বুলি জানিব পৰা গৈছে। 

দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনো কালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাঙি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সমগ্ৰ পৰিয়াল। শ্বহীদ বীৰগৰাকীৰ বিয়োগৰ খবৰটোৱে তেওঁৰ আপোন গাওঁখনৰ উপৰি সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পৰিছে।

কামপুৰ