কামপুৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমৰ চলনাৰে যুৱতীক পলুৱাই নি বিক্ৰী কৰাৰ সন্দেহ

এগৰাকী যুৱতীক এজন বিবাহিত পুৰুষে প্ৰেমৰ চলনাৰে পলুৱাই নি নিৰুদ্দেশ হৈ থকাত শংকাত ভূগিছে দুয়োটা পৰিয়াল।

author-image
Asomiya Pratidin
New Update
fdfdfdfdfd

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ বূকলুঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক এজন বিবাহিত পুৰুষে প্ৰেমৰ চলনাৰে পলুৱাই নি নিৰুদ্দেশ হৈ থকাত শংকাত ভূগিছে দুয়োটা পৰিয়াল।

জানিব পৰা মতে, চামগুৰি থানাৰ অন্তৰ্গত মৌমাৰী আউটপষ্টৰ তান পাগালী গাঁৱৰ যুৱক চাদ্দাম হুছেইনে কামপুৰ থানাৰ অন্তৰ্গত বুখলুঙৰ এগৰাকী যুৱতী প্ৰথমতে মোবাইলেৰে সংযোগ হৈ প্ৰেমৰ জাল পাতে।দেওবাৰে হঠাৎ চালমা খাতুন নামৰ যুৱতী গৰাকী ঘৰৰ পৰা নোহোৱা হোৱাত পৰিয়ালৰ মাজত হাঁহাকাৰ লাগে।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চালমা চাদ্দাম হুছেইনৰ লগত পলাই যোৱা বুলি নিশ্চিত হয় আৰু ছাদ্দামৰ ঘৰত উপস্থিত হয়।যুৱতী গৰাকীৰ পৰিয়ালে চাদ্দাম দুই সন্তানৰ পিতৃ হোৱাৰ লগতে এগৰাকী তিনিমহীয়া গৰ্ভাৱতী পত্নী থকা বুলি  জানিব পাৰি চিন্তিত হৈ পৰে।

ইফালে চাদ্দাম আৰু যুৱতী গৰাকীক বিচাৰি দুয়োটা পৰিয়ালে হাহাকাৰ কৰি থকাৰ সময়তে বুকলুঙৰ যুুৱতী গৰাকীৰ ঘৰত উপস্থিত হয় চাদ্দামৰ দুই সন্তানসহ পত্নী বিমলা খাতুন। চালমা খাতুনক চাদ্দাম হুছেইনে পলুৱাই নি লুকুৱাই ৰখাৰ সন্দেহ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ কৌশল ৰচনা কৰা বুলি দাবী কৰে বিমলা খাতুনে।

আনহাতে, বিমলা খাতুন স্বামী চাদ্দাম হুছেইনে পূৰ্বতেও কেইবাগৰাকীও যুৱতীৰ লগত সম্পৰ্ক গঢ়ি তুলি বহিঃৰাজ্যলৈ লৈ যোৱা বুলি প্ৰকাশ কৰে।মহিলা গৰকীয়ে ঘটনাটো এক তদন্ত কৰি স্বামী চাদ্দাম হুছেইনক শাস্তি দিয়াৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

ইপিনে চালমাৰ পৰিয়ালেও কঠিয়াতলী পহৰা চকীত এখন এজাহাৰ দাখিল কৰি ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাইছে। এইক্ষেত্ৰত কোনো লোকে এই যুৱতীগৰাকীাক কৰবাত দেখা মাত্ৰকে স্থানীয় আৰক্ষী থানা অথবা 9365377686 নম্বৰত যোগাযোগৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

কামপুৰ