কঠিয়াতলী প্ৰতিদিন টাইমৰ সাংবাদিক পুষ্পেন্দ্ৰ বৰাক গুৰুলা-গুৰলকৈ প্ৰহাৰ

কামপুৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পুষ্পেন্দ্ৰ বৰাক গুৰুলা-গুৰল কৈ আক্ৰমণ কৰিলে ধাবাৰ মালিকৰ লগতে কৰ্মচাৰীয়ে। মামা বজাৰৰ পৰা আহি জিৰণি ধাবাত ভাত খাবলৈ লওঁতে সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
web attack

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। নগাঁৱৰ কঠিয়াতলীৰ ৰেঙবেঙৰ এখন ধাবাত প্ৰহিত হল সাংবাদিক। অভিযোগ অনুসৰি, কামপুৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পুষ্পেন্দ্ৰ বৰাক গুৰুলা-গুৰল কৈ আক্ৰমণ কৰিলে ধাবাৰ মালিকৰ লগতে কৰ্মচাৰীয়ে। মামা বজাৰৰ পৰা আহি জিৰণি ধাবাত ভাত খাবলৈ লওঁতে সংঘটিত হয় এই ঘটনা।

উল্লেখযোগ্য যে, চাংচকী পঞ্চায়তৰ অনুষ্ঠান শেষ কৰি আহি জিৰণি ধাবাত ভাত খাবলৈ মাছ-মাংস বিচৰাৰ ফলতে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত কঠিয়াতলী আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই। সাংবাদিক নিগ্ৰহৰ দৰে ঘটনাৰ পাছতো আৰক্ষীৰ এনে ভূমিকাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। 

কামপুৰ