/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/071ef89d-2ee7-4604-ae1f-817047c6d173/10.jpg)
ডিজিটেল সংবাদ,কামপুৰ: ৰহাৰ গৰুবাট মৌজাৰ মাধৱপাৰা গাঁও পঞ্চায়তৰ পমিলা জাৰনীত বৰপানী নদীৰ চিঙা মথাউৰিটো মেৰামতি কৰিলে স্থানীয় ৰাইজে৷ জনপ্ৰতিনিধিৰ বাবে বাট চাই চাই অৱশেষত বৃহস্পতিবাৰে হাতে হাতে দা, কুঠাৰ,বাঁহ লৈ আহি ভঙা খালৰ দুয়ো পাৰ বাঁহৰ মজবুত বেৰ দি মাটিৰে মেৰামতি কৰে ৷ উল্লেখ্য যে এইবাৰৰ প্ৰথমটো বানতেই পমিলা জাৰনীৰ বৰপানী নদীৰ মথাউৰি চিঙিছিল ৷
চিগা খালেদি পানী সোমাই পমিলা জাৰনী,আলিবস্তি,প্ৰমিলাআটি,কাঠনি, গৰঙাআটি,শিমলুগুৰিকে আদি কৰি ২০ খন গাঁৱৰ কৃষকৰ সপোন চূড়মাৰ কৰি পেলাইছিল ৷ উক্ত খালটো নিৰ্মাণ নকৰিলে কেইবা হাজাৰ হেক্টৰ শালি খেলি হোৱাৰ কোনো বিকল্প নাছিল ৷ যাৰ ফলত আজি শতাধিক ৰাইজ হাতে কামে নিৰ্মাণৰ কামত লাগে ৷ অহা দুদিনৰ ভিতৰত নিৰ্মাণৰ কাম সমাপ্ত কৰিব পাৰিব বুলি স্থানীয় লোকে জনায়৷
Also Read: জোনাইত বান খহনীয়া পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ