কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস

দেওবাৰৰ  নিশা হাতীৰ জাকটো কামপুৰ -কঠীয়াতলী পথটোৰে হাতীৰ জাকটো পাৰ হোৱাৰ সময়ত প্ৰায় এঘণ্টাৰো অধিক সময় পথটোৰে যাতায়ত বন্ধ ৰাখিব লগীয়া হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে।দেওবাৰৰ নিশা কঠীয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত মনোহৰগাওঁ ;বৰহোলা ;ডুবৰিতলিত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰা বুলি জনা গৈছে।  বিগত দুটা মাহে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ত্ৰাস সৃষ্টি কৰা বন্যহস্তীৰ জাকটো আজি পুৱাই ননৈত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বনাঞ্চললৈ গতি কৰিছে।

উল্লেখ্য দেওবাৰৰ  নিশা হাতীৰ জাকটো কামপুৰ -কঠীয়াতলী পথটোৰে হাতীৰ জাকটো পাৰ হোৱাৰ সময়ত প্ৰায় এঘণ্টাৰো অধিক সময় পথটোৰে যাতায়ত বন্ধ ৰাখিব লগীয়া হয়।এই খিনি সময়তে হাতীৰ জাকটোৱে ডুবৰিতলিৰ মিনু শৰ্মা নামৰ  এগৰাকী মহিলাৰ বাসগৃহৰ ক্ষতি কৰাৰ লগতে ঘৰটোৰ ভিতৰত থকা আচবাব আৰু চাউল আদি খাই তহিলং কৰে।

ইয়াৰ পাছতে হাতীৰ জাকটোৱে মনোহৰ গাঁৱৰ মালিতা কলিতা ;বৰহোলা গাঁৱৰ ৰঞ্জিত দাস আৰু বুধেশ্বৰী দাসৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে বহুকেইজন লোকৰ বাৰীৰ তামোল,নাৰিকল ভাঙি পাচলি আদি খাই তহিলং কৰে।এইখিনি সময়ত বনবিভাগৰ লোকে সুৰক্ষা দিব নোৱাৰা অভিযোগো উঠিছে।অৱশ্যে পুৱা হাতীৰ জাকটো পাহৰলৈ ওভতি যোৱাৰ খৱৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী কৰিছে।

কামপুৰ বন্যহস্তী বন্যহস্তীৰ তাণ্ডৱ