ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা উদ্বোধন প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ

"যন্ত্ৰই কেতিয়াও মানুহৰ হৃদয় আৰু মগজু আন্দোলিত আৰু আহ্লাদিত কৰিব কৰিব নোৱাৰে, গ্ৰন্থইহে মানুহৰ মন-মগজু বিকাশ কৰিব পাৰে"

author-image
Asomiya Pratidin
New Update
TW53EQWEQW

ডিজিটেল সংবাদ, নগাওঁঃ "যন্ত্ৰই কেতিয়াও মানুহৰ হৃদয় আৰু মগজু আন্দোলিত আৰু আহ্লাদিত কৰিব কৰিব নোৱাৰে, গ্ৰন্থইহে মানুহৰ মন-মগজু বিকাশ কৰিব পাৰে" এই মন্তব্যৰে নগাঁৱৰ ''ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা"ৰ শুভ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।

Capturedgwertwerwerew

নগাঁৱৰ ননৈ হাঁহিলা বিলৰ পাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ। এই গ্ৰন্থমেলাত বহুকেইখন গ্ৰন্থ বিপণী আৰু থলুৱাভাৱে উৎপাদিত শাক পাচলিৰ বিপণীয়ে অংশগ্ৰহণ কৰে।

CaptureRYTU56EYREEW

গ্ৰন্থ উৎসৱৰ দিনকেইটাত বিশিষ্ট সাহিত্যিক ময়ূৰ বৰা, বুদ্ধিজীৱি চিন্তাবিদ হীৰেন গোঁহাই, সাহিত্যিক জয়ন্ত মাধৱ বৰা, বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণ, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিতেশ ডেকাৰ লগতে বহু কেইগৰাকী কবি-সাহিত্যিক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

নগাঁও