পৰম্পৰাগত মুখা তৈয়াৰ কৰি খ্যাতি অৰ্জন কৰিছে কামপুৰৰ অনন্তই

অসমৰ পৰম্পৰাগত মুখা শিল্প নিৰ্মাণত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে কামপুৰৰ হালোৱা ভকত গাঁৱৰ অনন্ত শইকীয়া নামৰ যুৱকজনে।

author-image
Asomiya Pratidin
New Update
vdfdfdf

ডিজিটেল সংবাদ, কামপুৰঃ অসমৰ পৰম্পৰাগত মুখা শিল্প নিৰ্মাণত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে কামপুৰৰ হালোৱা ভকত গাঁৱৰ অনন্ত শইকীয়া নামৰ যুৱকজনে। উল্লেখ্য যে, মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়। মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল।

অনন্ত শইকীয়াই বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস  ;ম'ৰা চৰাই ; ষাঁড় গৰু  আদি নিজ হাতে তৈয়াৰ কৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।অনন্ত শইকীয়াৰজন্ম গাওঁ হালোৱা ভকত গাঁৱত হোৱা ৰাস উৎসৱত ব্যৱহাৰ কৰিব পৰাকৈ নিজা চিন্তা চৰ্চাৰে প্ৰথমতে মুখাৰ কাম হাতত লয় ।বৰ্তমান শিল্পী গৰাকীয়ে তৈয়াৰ মুখাইনগাঁও জিলাৰ লগতে কামপুৰ অঞ্চলত হোৱা ভাওঁনা ৰাস আদি ব্যৱহাৰ কৰি আহিছে। তেওঁৰ এই কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে।

মুখা শিল্প