/asomiyapratidin/media/media_files/2026/02/24/agppappa-2026-02-24-17-52-16.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ বঢ়মপুৰ সমষ্টিৰ কামপুৰত অগপৰ নিৰ্বাচনী ৰণডংকা৷ আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলৰ সমান্তৰালকৈ বঢ়মপুৰ সমষ্টিত অগপ দলে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷
কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুষ্ঠিত হৈছে অগপৰ এই কৰ্মী সন্মিলন৷ প্ৰায় পাঁচ শতাধিক বাইক ৰেলীৰে উষ্ম আদৰণি জনাই অগপৰ কেন্দ্ৰীয় নেতৃত্বক৷ সভাত ৮৬০জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অগপ দলৰ দুৰ্গ বঢ়মপুৰ সমষ্টি এইবেলি মিত্ৰজোঁট বিজেপিক এৰি নিদিয়াৰ সংকল্প লয় অগপ দলে৷
আনহাতে, কেন্দ্ৰীয় নেতৃত্বৰ আলোচনাৰ অন্তত যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই মানি চলিব বুলি অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মণিমাধৱ মহন্তই প্ৰকাশ কৰে৷ উল্লেখ্য যে, অগপ নেতা গোলাপ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সন্মিলন খনত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফনীভূষন চোধুৰী, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অগপৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি অগপ দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে৷ সভাত পাঁচ সহস্ৰাধিক অগপৰ দলীয় কৰ্মী উপস্থিত থাকে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us