কামপুৰত ই-ৰিক্সা চালকে অপহৰণৰ কৰিলে স্কুলীয়া ছাত্ৰীক!

সোমবাৰে দুপৰীয়া কামপুৰ থানাৰ অন্তৰ্গত বাহাকাবাৰী মজলীয়া বিদ্যালয়ত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

author-image
Asomiya Pratidin
New Update
ETERERER

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে দুপৰীয়া কামপুৰ থানাৰ অন্তৰ্গত বাহাকাবাৰী মজলীয়া বিদ্যালয়ত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

অভিযোগ অনুসৰি, বিদ্যালয় খনৰ তিনি গৰাকী ছাত্ৰীক এখন ই-ৰিক্সাত উঠাই অপহৰণৰ চেষ্টা চলাইছিল চালকে ৷ ছাত্ৰী তিনি গৰাকীক অপহৰণৰ চেষ্টা চলাওতে এগৰাকী ছাত্ৰী ই-ৰিক্সা খনৰ পৰা জপিয়াই দিয়াত মূৰত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয়।

পিছত স্থানীয় লোকে ই-ৰিক্মা চালকক হাতে-লুটে ধৰিবলৈ সক্ষম হয়। ৰাইজে আন দুগৰাকী ছাত্ৰীক উদ্ধাৰ কৰাৰ লগতে  চালক জনক দিয়ে উত্তম মধ্যম ৷ উত্তেজিত ৰাইজে ই ৰিক্সাখন ভাঙি চুৰমাৰ কৰে ৷

ইফালে, ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ লগতে অপহৰণত জড়িত অভিযুক্ত চালক জনক আটক কৰি থানালৈ লৈ যায়। আনহাতে, ছাত্ৰী কেইগৰাকীক চিকিৎসালয়ত স্বাস্থ্য় পৰীক্ষা কৰোৱা হয় ৷ এই ঘটনাৰ পাছত বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা ৷ অপহৰণত জড়িত চালকজন কামপুৰ থানাৰ অন্তৰ্গত কাকতি গাঁৱৰ আব্দুল হ'ক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আৰক্ষীয়ে ধৃত আব্দুলক সোধ-পোচ অব্যাহত ৰাখিছে।

কামপুৰ