বৃন্দাবনলৈ পৰিণত কামপুৰৰ পশ্চিম গুইমাৰী

কৃষ্ণ বন্দনাত মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। শৰতৰ হিম সনা সেমেকা ৰাতিত  শ্ৰী কৃষ্ণ বন্দনাৰে মুখৰিত কামপুৰৰ পশ্চিম গুইমাৰী। ৰাসস্থলিসমূহ পৰিণত হৈছে বৃন্দাবনলৈ।

author-image
Asomiya Pratidin
New Update
new ap web 2 (29)

ডিজিটেল সংবাদ,কামপুৰঃ কৃষ্ণ বন্দনাত মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। শৰতৰ হিম সনা সেমেকা ৰাতিত  শ্ৰী কৃষ্ণ বন্দনাৰে মুখৰিত কামপুৰৰ পশ্চিম গুইমাৰী। ৰাসস্থলিসমূহ পৰিণত হৈছে বৃন্দাবনলৈ।

উল্লেখ্য যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ কামপুৰৰ পশ্চিম গুইমাৰীটো ৰাস উদযাপন কৰাৰ লগতে প্ৰদৰ্শন কৰে মহাপুৰুষ শংকৰদেৱ বিৰচিত "কেলিগোপাল" নাট। আনফালে গাঁওখনৰ মহিলা সকলৰ উদ্যোগত আৰু যুৱক-যুৱতীসকলৰ সহযোগত অনুষ্ঠিত এই ৰাসলীলাত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা পৰিলক্ষিত হয়।

তাৰোপৰি চাপৰমুখ জিলা পৰিষদ জোনালী দাস,হোজাই নগাঁও মৰিগাঁৱৰ গড়কাপ্তানী বিভাগৰ অধিক্ষক অভিযন্ত্ৰা গোৱিন সিং,সমাজসেৱক ৰুবুল দাসৰ লগতে আন লোকসকলক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে । 

কামপুৰ