অবৈধ দখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ সাজু প্ৰশাসন

প্ৰকৃতিৰ সুৰক্ষা আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ লক্ষ্যৰে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ অবৈধ দখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগ ইতিমধ্যে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
new ap web  5 (1)

ডিজিটেল সংবাদ,কামপুৰঃ  প্ৰকৃতিৰ সুৰক্ষা আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ লক্ষ্যৰে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ অবৈধ দখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগ ইতিমধ্যে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে।

অসম চৰকাৰৰ চৰকাৰী ভূমি আৰু বনাঞ্চলসমূহক অবৈধ দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে  যোৱা ১৩ নৱেম্বৰত নগাঁৱৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলত এক উচ্চস্তৰীয় পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে । 

উল্লেখ্য যে, বনাঞ্চলখনৰ ভূমি বেদখলমুক্ত কৰাৰ স্বাৰ্থত বিশেষ অভিযানত বিশেষ মুখ্য সচিব শ্ৰী মহেন্দ্ৰ কুমাৰ যাদৱ, নগাঁও জিলাৰ আয়ুক্ত  দেৱাশীষ শৰ্মা, নগাঁও বন সংমণ্ডলৰ বিষয়া  সুহাস কদম, অতিৰিক্ত জিলা আয়ুক্ত শ শৌভিক ভূঞা, নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা প্ৰমুখ্যে কৰি বন আৰু আৰক্ষী বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। তাৰোপৰি পৰিদৰ্শনকাৰী দলটোৱে  ড্ৰোন কেমেৰাৰ জৰিয়তে সমগ্ৰ এলেকাটোৰ এক বিস্তৃত পৰ্যবেক্ষণ কৰি পৰিস্থিতিৰ বুজ লয়। 

কামপুৰ