চৰাইবাহীৰ ধৰ্মপ্ৰাণ মহিলা কামিনী দেৱীৰ বিয়োগ

চৰাইবাহীৰ মায়েংগীয়া দৰ্জীগাঁও নিৱাসী ধৰ্মপ্ৰাণ-সৰবৰহী মহিলা, নামঘৰৰ মূল নামতি কামিনী দেৱীৰ আৰু নাই। বুধবাৰে নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে...

author-image
Asomiya Pratidin
New Update
চৰাইবাহীৰ ধৰ্মপ্ৰাণ মহিলা কামিনী দেৱীৰ বিয়োগ

ডিজিটেল সংবাদ,বেবেজীয়া : চৰাইবাহীৰ মায়েংগীয়া দৰ্জীগাঁও নিৱাসী ধৰ্মপ্ৰাণ-সৰবৰহী মহিলা, নামঘৰৰ মূল নামতি কামিনী দেৱীৰ আৰু নাই। বুধবাৰে নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। চৰাইবাহী বাৰোৱাৰী নামতি সমাজ,মায়েংগীয়া দৰ্জীগাঁও মহিলা সমাজকে ধৰি চৰাইবাহীৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতঃপোতভাৱে মৃত্যু পৰ্যন্ত জড়িত থকা মহিলাগৰাকীৰ মৃত্যুত সমগ্ৰ চৰাইবাহী অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত মহিল‍াগৰাকীয়ে দুজন পু্ত্ৰ, তিনিগৰাকী বিবাহিতা জীয়াৰী, ৱোৱাৰী, জোঁৱাই, নাতি-নাতিনীকে ধৰি অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত চৰাইবাহীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিবিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

bebejiya