/asomiyapratidin/media/media_files/2025/10/05/1-2025-10-05-19-13-44.jpg)
ডিজিটেল সংবাদ,বোকাখাত: বোকাখাত সম জিলাৰ কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্রদান কৰি অহা মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণী সাংবাদিকতা বঁটা ২০২৫ বৰ্ষৰ বাবে আজি বিশিষ্ট সাংবাদিক, আমাৰ অসম কাকতত সহকাৰী সম্পাদক মন্টু শইকীয়ালৈ প্ৰদান কৰা হয়।
মন্টু শইকীয়াক মান পত্ৰ,স্মাৰক,শৰাই, গ্ৰন্থৰ টোপোলা,নগদ ১৫০০০ টকা প্ৰদান কৰা হয়। কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সভাগৃহত আয়োজিত সভাত মন্টু শইকীয়াই বৰ্তমান সময়ত সাংবাদিকতাৰ লগতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ সংস্পৰ্শলৈ আহি পোৱা অভিজ্ঞতা অৱগত কৰে।
ইফালে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰদান কৰি অহা সাহিত্যিক মহেন্দ্র নাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা ২০২৫ বৰ্ষৰ বাবে আজি প্ৰদান কৰে বৰদিহিঙীয়া নিবাসী বিশিষ্টা লেখিকা লোকদা হাজৰিকাক। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সংস্হাৰ সভাপতি মহেশ্বৰ ৰবিদাসে, বৃক্ষ ৰোপণ কাৰ্যসূচী ৰোপণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মুখেশ্বৰ শইকীয়া আৰু সমাজকৰ্মী চন্দ্ৰ ফুকনে।
স্মৃতি তর্পণ কৰে মুক্তি যোদ্ধা ডুম্বি কামানৰ পুত্ৰ মহেন্দ্ৰ কামান আৰু সাহিত্যিক মহেন্দ্ৰ নাথ হাজৰিকাৰ পুত্ৰ বিনোদ হাজৰিকাই। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে শিল্পী সুন্দৰ ফুকনে। আনহাতে চান ডে' স্কুলৰ থলুৱা মেলা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ পুথিভঁৰালৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই।
মুক্তিযোদ্ধা ডুম্বি কামানৰ স্মাৰক বক্তা প্ৰদান কৰে প্ৰাক্তন বিধায়ক অৰুন ফুকনে আৰু সাহিত্যিক মহেন্দ্ৰ নাথ হাজৰিকা স্মাৰক বক্তা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ লইঙে।সভাৰ আৰম্ভনিতে কমাৰগাঁও চিত্ৰকলা আৰু সংগীত বিদ্যালয়ৰ শিল্পী সকলে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে।
বৰদিহিঙীয়া মহিলা দিহানাম দলে দিহানাম পৰিৱেশন কৰে।আজি নাহৰ গছ পুলিৰ লগতে অন্যান্য পুলি ৰাইজক বিতৰণ কৰে। ইফালে বটা বিতৰণী অনুষ্ঠানত কৃষি বিষয়া অলকানন্দ কাকতি,বিষয়া ড⁰ সঞ্জয় কুমাৰ সাজৰিকা,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী বিণা ৰাজকুমাৰী আদিয়ে বক্তব্য প্ৰদান কৰে।