সত্যব্ৰত কলিতাৰ কংগ্ৰেছ আগমণত বিসম্বাদী হৈ পৰা কংগ্ৰেছী নেতা মতলেবুদ্দিন আহমেদক দলৰ পৰা নিলম্বন

APCC ৰ কাৰ্যবাহী সদস্য মতলেবুদ্দিন আহমেদক ছমাহৰ বাবে নিলম্বন। গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে এক নিৰ্দেশৰ জৰিয়তে আহমেদক নিলম্বনৰ কথা ঘোষণা কৰিছে।

author-image
Tushar Pratim
New Update
সত্যব্ৰত কলিতাৰ কংগ্ৰেছ আগমণত বিসম্বাদী হৈ পৰা কংগ্ৰেছী নেতা মতলেবুদ্দিন আহমেদক দলৰ পৰা নিলম্বন

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যবাহী সদস্য মতলেবুদ্দিন আহমেদক ছমাহৰ বাবে দলৰ পৰা নিলম্বন। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এ পি চি চিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে এক নিৰ্দেশৰ জৰিয়তে মতলেবুদ্দিন আহমেদক নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, কমলপুৰ সমষ্টিৰ এইগৰাকী নেতাই শেহতীয়াকৈ ৰাজীৱ ভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰি মুকলিকৈয়ে দলৰ বিৰুদ্ধে একপ্ৰকাৰে বিসম্বাদ কৰিছিল। আনকি তেওঁ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ সৈতেও খণ্ডযুদ্ধত লিপ্ত হৈছিল। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল মতলেবুদ্দিন আহমেদ। 

সেই লক্ষ্যৰেই তেওঁ সমষ্টিত বিভিন্ন সভা, সমিতি অনুষ্ঠিত কৰি আহিছিল। তাৰ মাজতেই কমলপুৰ সমষ্টিৰ অগপ নেতা তথা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাত দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ আশংকাতে গুৱাহাটীৰ ৰাজীৱ ভৱনত মতলেবুদ্দিন আহমেদে মুকলিকৈ বিসম্বাদ কৰি খণ্ডযুদ্ধত লিপ্ত হৈছিল।

এইদৰেই দলৰ অনুশাসন ভংগ কৰাৰ অপৰাধত তেওঁক আজি ছমাহৰ বাবে দলৰ পৰা নিলম্বন কৰা হৈছে। এতিয়া লক্ষ্যণীয় হ’ব মতলেবুদ্দিন আহমেদে তেওঁৰ এই নিলম্বনক কিদৰে লয়। কিয়নো অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত বৰ বেছিদিনো নাই। সদ্য কংগ্ৰেছী সত্যব্ৰত কলিতাকেই যদি দলে অগ্ৰাধিকাৰ দিয়ে তেন্তে মতলেবুদ্দিন আহমেদৰ ভূমিকা কি হ’ব, তেওঁ এই নিলম্বনৰ পিছত পুনৰ কংগ্ৰেছতেই থাকিব নে দল ত্যাগ কৰিব সেয়া হ’ব লক্ষ্যণীয়।  

গৌৰৱ গগৈ কমলপুৰ অসম প্ৰদেশ কংগ্ৰেছ