/asomiyapratidin/media/media_files/2025/08/26/kkm-26-2025-08-26-19-19-17.jpg)
ডিজিটেল ডেস্কঃ অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰৰ দায়িত্ব লাভ কৰা কমল কুমাৰ মেধিয়ে মঙলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বিৰুদ্ধে বজালীৰ পাটাছাৰকুছি আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে। মেধিৰ অভিযোগ তেওঁৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফেচবুক পেজত উদ্দেশ্যপ্ৰণোদিতভাৱে মৰ্যাদাহানিকৰ পোষ্ট দিয়া হৈছে।
এক ফেচবুক পোষ্টত এজাহাৰৰ সৈতে তেওঁৰ ফটো আপলোড কৰি লিখিছে, ‘’কালি ঘোষণা কৰা অনুসৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অশালীন অপপ্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি এটা গোচৰ তৰিছোঁ গৃহ জিলা বজালীৰ মোৰ ল’কেল থানাত ৷আশা কৰোঁ, সঠিক তদন্তৰ জৰিয়তে আৰক্ষীয়ে বিষয়টোত ন্যায় প্ৰদান কৰিব৷’
ইফালে তেওঁ এজাহাৰত উল্লেখ কৰা মতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফেচবুক পেজৰ পোষ্টত ভুৱা স্ক্ৰীণশ্ব’ট সংযোজন কৰি সন্মানহানিকৰ পোষ্ট দিয়া হৈছে। সেয়ে এনে ষড়যন্ত্ৰমূলক অপপ্ৰচাৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনাইছে।
তাৰোপৰি তেওঁ এই পোষ্ট কৰাসকলৰ লগতে যিসকলে শ্বেয়াৰ কৰিছে, কমেণ্ট বক্সত অশালীন মন্তব্য কৰিছে তেওঁলোককো আইনৰ আওতালৈ আনিবলৈ এজাহাৰখনৰ জৰিয়তে অনুৰোধ কৰিছে।