খেৰকটামুখ কনেং বিদ্যালয়ৰ শিক্ষক কমল দত্ত আৰু নাই

ঢকুৱাখনা নগৰ নিবাসী বিশিষ্ট নাগৰিক, ঢকুৱাখনাৰ খেৰকটামুখ কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কমল দত্ত আৰু নাই

author-image
Asomiya Pratidin
New Update
222

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰ নিবাসী বিশিষ্ট নাগৰিক, ঢকুৱাখনাৰ খেৰকটামুখ কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কমল দত্ত আৰু নাই। বুধবাৰে বিয়লি ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত দত্তই শেষ নিশ্বাস ত্যাগ কৰে। 

দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকা দত্তক বুধবাৰে নিয়মীয়া চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত স্বাভাৱিকভাৱেই পুত্ৰৰ ভাড়াঘৰলৈ যোৱাৰ পাছত হাস্যমুখে আহাৰ গ্ৰহণ কৰে । ইয়াৰ পাছতে আকস্মিকভাৱে অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হয় । কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে ।

ঢকুৱাখনা নগৰৰ বৰুৱাটীকা গাঁওৰ স্থায়ী বাসিন্দা দত্তৰ আকস্মিক বিয়োগত সমগ্ৰ ঢকুৱাখনা নগৰত শোকৰ ছাঁ পৰিছে। মিষ্টভাষী , সৰলমনা , নাগৰিক দত্তৰ বিয়োগত বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত পেগু, ,পৰিচালনা সমিতিৰ সভাপতি বিজয় পেগু, ,সমূহ শিক্ষক কৰ্মচাৰী গোট , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ , কমাৰগাঁও বাসী ৰাইজ , বৰুৱাটীকা গাঁওবাসীয়ে গভীৰ শোক ব্যক্ত কৰিছে।

লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ ,কন্যাসহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে ।

শিক্ষক