মায়ঙৰ সমাজ সংগঠক, শিক্ষক কমল চন্দ্ৰ নাথৰ দেহাৱসান

হাতীভাঙী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল চন্দ্ৰ নাথে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। 

author-image
Asomiya Pratidin
New Update
fxcxcxcxcxc

ডিজিটেল সংবাদ, মায়ংঃ আধুনিক মায়ঙৰ নিৰ্মাতা মায়ং খনিকৰ দিপন চন্দ্ৰ নাথৰ জ্যেষ্ঠ পুত্ৰ তথা হাতীভাঙী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল চন্দ্ৰ নাথে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। 

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা কমল চন্দ্ৰ নাথৰ মৃত্যুৰ খৱৰে সমগ্ৰ মায়ং অঞ্চলত আজি শোঁকৰ ছাঁ পেলায় । কমল চন্দ্ৰ নাথ শিক্ষকতাৰ সমান্তৰালকৈ অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সতেও সক্ৰিয় ভাৱে জড়িত আছিল। মায়ং সাৰ্বাজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উৎসৱ উদযাপন সমিতি,ৰজা মায়ং যুৱক সংঘৰ প্ৰাক্তন সম্পাদক,মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক,মায়ং বজাৰ পৰিচালনা সমিতিৰ সম্পাদক, এগৰাকী সুদক্ষ সমাজ সংগঠক ,ক্ৰীড়া সংগঠক হিচাপে সক্ৰিয় আছিল কমল চন্দ্ৰ নাথ।

কমল চন্দ্ৰ নাথৰ মৃত্যু অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা গভীৰ শোঁক প্ৰকাশ কৰিছে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে। নাথে মৃত্যুৰ সময়ত মাতৃ, পত্নী, পুত্ৰ কন্যা, ভাই, বোৱাৰী আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, চাকৰিৰ পৰা অৱসৰ হ'বলৈ আঢ়ৈ বছৰ বাকী আছিল কমল নাথৰ।

মায়ং