/asomiyapratidin/media/media_files/2025/08/09/kamakhya-9-2025-08-09-13-29-03.jpg)
ডিজিটেল ডেস্কঃ পুনৰ কামাখ্যা মন্দিৰৰ চৌহদত উদ্ধাৰ হৈছে এক মৃতদেহ। জানিব পৰা মতে কামাখ্যা মন্দিৰৰ চৌহদৰ ভিতৰত থকা সিদ্ধেশ্বৰ মন্দিৰৰ পুখুৰীত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ।
পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা এই মহিলাগৰাকী কিদৰে এই পুখুৰীত পৰিল বা মৃত্যু হ’ল সেই বিষয়ে এতিয়ালৈকো জানিব পৰা হোৱা নাই। তাৰোপৰি মহিলাগৰাকীৰ পৰিচয়ো উদ্ধাৰ কৰিব পৰা হোৱা নাই। জানিব পৰা মতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কামাখ্যাত এইদৰে মৃতদেহ উদ্ধাৰ হৈছিল। যোৱা এপ্ৰিল মাহাত কামাখ্যাৰ এগৰাকী হিমু শৰ্মা নামৰ পাণ্ডাৰ মন্দিৰৰ সৌভাগ্য কুণ্ডত পৰি প্ৰাণ হেৰুৱাইছিল।