/asomiyapratidin/media/media_files/2025/12/11/463-2025-12-11-15-12-50.jpg)
ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী দিল্লীত আজি বিয়লি ৪-৩০ বজাত অনুষ্ঠিত হ’ব তৃতীয় বাৰ্ষিক কল্যাণ বৰুৱা এৱাৰ্ড ২০২৫ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত উত্তৰ- পূৰ্বাঞ্চলৰ ৪ গৰাকী সাংবাদিক তথা লিখকক সন্মান জনোৱা হ’ব উদ্যোক্তা সংস্থাৰ তৰফৰ পৰা।
দিল্লীৰ এন চি আৰ হলত অনুষ্ঠিতব্য আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সম্বৰ্ধিত হ’ব লগা এই চাৰিগৰাকী সাংবাদিক হৈছে ক্ৰমে - পেজে মনালিছা চনকিজাৰ, অমল গোস্বামী, ক্ষেত্ৰিমায়ুম প্ৰেমচান্দে আৰু মৃদুল কুমাৰ সন্দিকৈ। এই চাৰিওগৰাকী ব্যক্তিক পৃথক পৃথক শাখাত বঁটা প্ৰদান কৰা হ’ব।
ইয়াৰে পেজে মনালিছা চনকিজাৰক ‘কল্যাণ বৰুৱা জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰা হ’ব। জুৰিৰ দ্বাৰা বিশেষভাৱে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে। একেদৰে ডিজিটেল মিডিয়া শিতানত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ মৃদুল কুমাৰ সন্দিকৈক কল্যাণ বৰুৱা বঁটা প্ৰদান কৰা হ’ব।
উল্লেখ কৰা প্ৰয়োজন যে, বেচৰকাৰী সংস্থা নৰ্থ-ইষ্ট মিডিয়া ফ’ৰাম’ আৰু ‘মাই হ’ম ইণ্ডিয়া’ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ বঁটাৰ বাবে নিৰ্বাচিত কমিটিত আছে ৫গৰাকী জুৰি সদস্য। তেওঁলোক হৈছে- আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক অচিন্ত বৰা, দ্য হিন্দুৰ সাংবাদিক সন্দীপ ফুকন, বি বি চিৰ শচীন গগৈ আৰু প্ৰফেচৰ শ্বাশ্বতী গোস্বামী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us