ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চিদলী সমষ্টিৰ উপ -নিৰ্বাচনক লৈ ইউপিপিএল দলে ব্যাপক নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে । বৰ্তমানলৈকে ইউপিপিএল দলে প্ৰাৰ্থীত্ব ঘোষণা কৰা নাই যদিও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । কালি কোকৰাঝাৰ জিলাৰ তথা চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত ছালাকাটিত ইউপিপিএল ,অগপ আৰু বিজেপিৰ যৌথ বৈঠক সম্পন্ন হোৱাৰ পিছত আজি জিলাখনৰ কালিপুখুৰী ভিচিডিচিৰ অন্তৰ্গত লালটাৰী আৰু শিমলাগুৰী গাঁৱত ইউপিপিএলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।
ইউপিপিএলৰ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি অৰুণ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী উপস্থিত থাকে । নিজৰ ভাষণ প্ৰসংগত লৰেঞ্চ ইছলাৰীয়ে কয় যে বিজেপি -ইউপিপিএল-অগপ মিত্ৰজোঁটে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনত জয়লাভ কৰিব।
সাধাৰণতে ভোটাৰে উপ-নিৰ্বাচনত শাসকীয় চৰকাৰৰ সপক্ষেই ভোটদান কৰে আৰু এইবেলিও তাৰ ব্যতিক্ৰম নহ'ব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত ৰাজ্যত প্ৰভূত উন্নয়ন সাধন হৈছে আৰু বিটিআৰত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।
বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ পিছতে একালৰ সংঘৰ্ষপীড়িত অঞ্চলটোলৈ শান্তি ঘূৰি আহিল আৰু এতিয়া বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেৰ্তৃত্বত সমগ্ৰ বিটিআৰতে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি মন্তব্য কৰি বিধায়কগৰাকী কয় যে বিটিআৰত এতিয়া মাটি-বাৰীৰ সমস্যাও দুৰ হৈছে ।
সকলো জাতি -জনগোষ্ঠীয়ে সমিলমিলেৰে বসৱাস কৰা বিটিআৰ কেন্দ্ৰস্থল কোকৰাঝাৰ এতিয়া শান্তিৰ নগৰ হিচাপে পৰিচিত বুলি মন্তব্য কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দুই-এদিনতে ঘোষণা কৰা হ'ব আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাইছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।