কলিয়াবৰৰ আয়ুস পাব্লিক স্কুলত ব্যতিক্ৰমী প্ৰয়াস

কলিয়াবৰৰ আয়ুস পাব্লিক স্কুলত শুক্ৰবাৰে সৰস্বতী পূজাৰ দিনা এক ব‍্যতিক্ৰমী ৰূপত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সৰস্বতী বন্দনাৰ প্ৰতিযোগিতা উদযাপন কৰা হয় । নাৰ্চাৰী কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা সপ্তম শ্ৰেণী লৈকে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
681

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ আয়ুস পাব্লিক স্কুলত শুক্ৰবাৰে সৰস্বতী পূজাৰ দিনা এক ব‍্যতিক্ৰমী ৰূপত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সৰস্বতী বন্দনাৰ প্ৰতিযোগিতা উদযাপন কৰা হয় । নাৰ্চাৰী কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা সপ্তম শ্ৰেণী লৈকে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। 

অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি সঞ্চালক প্ৰদুন্ম‍্য দত্তই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সৰস্বতী পূজাৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ কৰণীয় আৰু অকৰণীয়ৰ মাজত পাৰ্থক‍্য বৰ্ণনা কৰি বক্তব‍্য প্ৰদান কৰে । একেদৰে অনুষ্ঠানত বক্তব‍্য প্ৰদান কৰে ৰেক্টৰ দুলাল হাজৰীকা আৰু অধ‍্যক্ষা সবিতা ৰংপিপিয়ে ।

WhatsApp Image 2026-01-23 at 6.38.43 PM (1)

সততে সৰস্বতী পূজাৰ জাকজমকতা পূৰ্ণ পৰিবেশ তথা ছাত্ৰ-ছাত্ৰীৰ সৌন্দৰ্য চৰ্চাই মূল উৎসৱভাগিৰ তাৎপৰ্য সময়ে-সময়ে ম্লান পেলোৱাৰ বিপৰীতে সংশ্লিষ্ট বিদ্যাালয়খনিত সংস্কৃত ভাষাত পৰিবেশন কৰা সৰস্বতী বন্দনাই সমগ্ৰ পৰিবেশটি আধ‍্যাত্মিক কৰি তোলে।

কলিয়াবৰ