/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-19-00-01.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ অহা ২১ জানুৱাৰী পৰা ২৫ জানুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হ'ব অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুদক্ষ নেতৃত্বত ১৯৫৯ চনত গঠিত অসম নাট্য সন্মিলনে জন্মলগ্নৰে পৰা নাট্য চৰ্চাক গতিশীল কৰাৰ লগতে নাট্যকলা আৰু নাট্য সাহিত্যৰ বিকাশত নিৰলস ভাবে কাম কৰি আছে।
সমসাময়িক ভাবে নটসূৰ্য ফণী শৰ্মাকে ধৰি বিশিষ্ট নাট্যশিল্পীসকল জড়িত হৈ পৰা অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে কলিয়াবৰৰ কুঁৱৰীটোলত। সেই উদ্দেশ্যে বৃহস্পতিবাৰে কলিয়াবৰৰ ন-পুৰণি নাট্য শিল্পী আৰু নাট্যকৰ্মী সকলক লৈ এখন আলোচনা সভা কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাখনত আগন্তুক নাট্য সন্মিলনৰ কাৰ্যসূচী সন্দৰ্ভত বিশদ আলোচনা কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-i-2026-01-08-19-01-05.jpeg)
উল্লেখ্য যে- এই নাট্য কৰ্মীসকলৰ আলোচনা সভাতে অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ সমন্বয়ক মনি মাধৱ মহন্তই অধিৱেশনৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে। মূল সমিতিৰ উপৰিও ১৩ খন উপ-সমিতিয়ে অধিবেশনৰ কাম-কাজ পৰিচালনা কৰিছে বুলি মুখ্য সমন্বয়ক মনি মাধৱ মহন্তই সভাত অৱগত কৰে। নাট্যকাৰ প্ৰয়াত প্ৰশান্ত বৰাৰ নাটক সমূহ অধিৱেশনত প্ৰকাশ কৰি উলিওৱাৰ পৰিকল্পনা আদৰণি সমিতিয়ে লোৱা হৈছে বুলি সভাত অৱগত কৰে মুখ্য সমন্বয়ক গৰাকীয়ে।
কাৰ্যসূচী অনুসৰি ২১ জানুৱাৰীৰ বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পাছতে সন্ধিয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। ২২ জানুৱাৰীত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে নৱ-নিৰ্বাচিত সভাপতিক সাংস্কৃতিক অভিবাদন আৰু বিয়লি অসম নাট্য সন্মিলনৰ অন্তৰ্গত শাখা সমূহৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-imag-2026-01-08-19-01-27.jpeg)
মুকলি মঞ্চ উদ্বোধনৰ পাছতে শিশু নাট "ভোকাতুৰ পৃথিৱীৰ চকুলো" পৰিৱেশন কৰিব লক্ষিমপুৰ জিলাৰ লালুক শাখাই। সন্ধিয়া আদৰণি সমিতিয়ে "কেনা" নাট প্ৰদৰ্শনৰ জড়িয়তে নাটক প্ৰতিযোগিতা শুভাৰম্ভ কৰিব। অসম নাট্য সন্মিলনৰ অন্তৰ্গত চাৰিটা মণ্ডলত অনুষ্ঠিত হৈ যোৱা নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল হিচাপে পুৰস্কৃত হোৱা ৯ টাকৈ নাট্যদলে নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও অসম নাট্য সন্মিলন দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিটো দিনতে শিশু নাট মঞ্চস্থ কৰিব শিশু নাট্য দল সমূহে।
২৫ জানুৱাৰীত দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা মুকলি সভাত বঁটা প্ৰদান অনুষ্ঠানৰ লগতে কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান , নাট্য সন্মিলনৰ ছমহীয়া পত্ৰিকা "ৰংগমঞ্চ" উন্মোচনৰ লগতে ১৫০ বছৰীয়া নাট্য সংকলন চতুৰ্থ সংস্কৰণ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ'ব। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাতে নৱ-নিৰ্বাচিত সভাপতি জীতেন শৰ্মাই আগন্তুক দুটা বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব।
প্ৰণিধানযোগ্য যে- আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষণ প্ৰদান কৰিব লগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মুখ্য উৎসৱ নিয়ন্ত্ৰক সুমন বৈদ্যই আমন্ত্ৰিত অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিব। অসম নাট্য সন্মিলনৰ তৰফৰ পৰা আগবঢ়োৱা বঁটা সমূহ ক্ৰমে জি এল আগৰৱালা সোঁৱৰণি বঁটা, নাজিম আহমেদ সোঁৱৰণি নাট্য সংগঠক বঁটা, সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা আৰু অসম নাট্য সন্মিলনৰ সৰ্বোচ্চ সন্মান "অসম নাট্য সন্মিলন বঁটা" ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-im-2026-01-08-19-01-41.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us