কলিয়াবৰত চাৰি গৰু চোৰক আটক কৰি ৰাইজে শোধালে উত্তম-মধ্যম...

কলিয়াবৰত চাৰি গৰু চোৰ আটক কৰি ৰাইজে সোধালে উত্তম-মধ্যম...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত  চাৰি গৰু চোৰক আটক কৰি ৰাইজে শোধালে উত্তম-মধ্যম...

ডিজিটেল সংবাদ,কলিয়াবৰঃ "চুৰি কৰা উত্তম বিদ‍্যা,ধৰা পৰিলে শিলৰ খুন্দা ।" এই আপ্ত বাক্য ফাকি যেন কলিয়াবৰত প্ৰমাণিত হ'ল । ৰাইজে হাতে লোটে কৰায়ত্ব কৰা চাৰি গৰুচোৰৰ ক্ষেত্ৰত কলিয়াবৰত সেয়াই হ'ল । উল্লেখ্য যে, কলিয়াবৰ সমজিলাৰ উলুৱনী আৰক্ষী থানাৰ এলেকাৰ পানী গাঁৱত যোৱা নিশা প্ৰায় ২ বজাত ৰাইজে আটক কৰিলে বাহন সহ চাৰি গৰু চোৰ ।

Advertisment

কলিয়াবৰত গোহালিৰ গৰু চুৰি কৰি গঞাৰ চকুৰ টোপনি কাঢ়িছিল দীৰ্ঘদিনৰ পৰা । এইবাৰ গৰু চোৰৰ দশা বেয়া আছিল । নিশা গৃহস্থৰ ঘৰত সোমাওতেই ওচৰ চুবুৰীয়াৰ চি চি কেমেৰাত লাইভ দেখা পাই চিঞৰ-বাখৰ কৰাত নিশাই বহু গঞা ওলাই আহি বাহন সহ আটক কৰে চাৰি গৰু চোৰক ।

ৰাইজৰ হাতত আটক হোৱা চাৰিটা গৰু চোৰ হৈছে ক্ৰমে ধিং আৰু লাহৰীঘাট থানা এলেকাৰ ৰফিকুল ইছলাম(২৬), ৰছিদুল ইছলাম(৩২),আনাৰুল হক(২৭) আৰু মকছিদুল ইছলাম । দীৰ্ঘদিন ধৰি চোৰে গোহালি উদং কৰি অতিষ্ঠ কৰা ক্ষুব্ধ গঞাই ভালকৈ পিটন দিলে চাৰি চোৰক । গৰু চুৰি কাৰ্যত ব‍্যৱহাৰ কৰা বাহনখনো ভাঙি চুৰমাৰ কৰে উগ্ৰ হৈ থকা গঞাই ।

ঘটনাস্থলীত উপস্থিত হৈ প্ৰথম অৱস্থাত গঞাৰ কাষ চাপিব পৰা নাছিল আৰক্ষী । কাৰণ যথেষ্ট উগ্ৰ হৈ আছিল গঞা । এদিন পূৰ্বেও গাঁও খনৰ এঘৰৰ পৰা দুজনী গাভিনী গাইগৰু চোৰে লৈ গৈছিল । পাছত চাৰি গৰু চোৰক গুৰুতৰ ভাৱে আহত অৱস্থাত ৰাইজৰ হাতৰ পৰা চমজি লৈ জখলাবন্ধা চিকিৎসালয়ত চিকিৎসা কৰি নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

কলিয়াবৰ