/asomiyapratidin/media/media_files/2025/12/25/ujjjdd-2025-12-25-10-38-38.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ সমষ্টিত অগপ-বিজেপিৰ মাজত আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি। ২০২৬ৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি উফৰাবলৈ সাজু একাংশ বিজেপি কৰ্মী। ২৬ৰ বিধানসভা নিৰ্বাচনত কোনো কাৰণতে অগপক এৰি দিবলৈ ৰাজী নহয় কলিয়াবৰৰ একাংশ বিজেপি নেতা-কৰ্মী।
২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কলিয়াবৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে পূৰ্বৰ চামগুৰি সমষ্টিৰ পৰা নতুনকৈ কলিয়াবৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা বিভিন্ন অঞ্চলত স্থানীয় বিজেপি নেতা-কৰ্মীৰ নেতৃত্বত অনুষ্ঠিত হৈছে গোপন বৈঠক। মিত্ৰতাৰ খাতিৰত ৰাজ্যিক বিজেপিয়ে অগপক সমষ্টিটো এৰি দিলে কলিয়াবৰৰ বিজেপি নেতা-কৰ্মী সকলে নিজাববীয়াকৈ বা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ৰ ইংগিত পোৱা গৈছে।
উল্লেখ্য যে, কলিয়াবৰত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ পাছতো ২০১৬আৰু২০২১ত অগপক এৰি দিয়া হৈছিল কলিয়াবৰ সমষ্টি। কিন্তু এইবাৰ কলিয়াবৰ সমষ্টি অগপ দলক এৰি দিলে নহ'ব বুলি হুংকাৰ দিয়ে বিজেপি নেতা-কৰ্মী সকলে
২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় স্থিতি সবল কৰি কঁকালত টঙালি বান্ধি কলিয়াবৰ সমষ্টিৰ বিভিন্ন অঞ্চলত কলিয়াবৰ জিলা বিজেপিৰ এজন বিষয়-ববীয়াৰ নেতৃত্বত অনুষ্ঠিত হৈছে বিজেপি নেতা-কৰ্মী সকলৰ সাংগঠনিক সভাৰ লগতে গোপন বৈঠক বিজেপিৰ ৰাজ্যিক নেতৃত্বক কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ বাবে দাবী জনাইছে স্থানীয় বিজেপি নেতা-কৰ্মী সকলে।
যদিহে পুনৰ ৰাজ্যিক বিজেপিয়ে কলিয়াবৰ সমষ্টিটো অগপক এৰি দিয়ে তেনে হ'লে ওপৰ মহলকো উপেক্ষা কৰিবলৈ সংকোচ নকৰে বুলি হুংকাৰ প্ৰদান কৰে বিজেপি কৰ্মী সকলে। এই হুংকাৰে বিপদত পেলাব পাৰে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক,কিয়নো সুৰ্দীঘ কাল ধৰি কলিয়াবৰ অগপৰ ভেটি হিচাপে পৰিগণিত হৈ আহিছে, যদিহে বিজেপি দলক কলিয়াবৰ সমষ্টি এৰি দিব লগা হয় তেনে হ'লে অগপৰ বাবে হ'ব বৃহৎ ক্ষতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us