/asomiyapratidin/media/media_files/2025/08/19/breaking-news-2025-08-19-18-27-34.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ জখলাবন্ধা ৰে'লগেটৰ সমীপত আৰু বাঘজান কুকুৰাকটা পাহাৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত সোমবাৰে নিশা প্ৰায় ১০ বজাত গুলীচালনাৰ ঘটনা সংঘটিত হয় ।
স্থানীয় লোকে জনোৱা অনুসৰি জখলাবন্ধা আৰক্ষীয়ে ৰে' লগেটৰ সমীপত এখন বিলাসী বাহনক ৰ’বলৈ ইংগিত দিয়াত গাড়ীখনে তীব্ৰে বেগে আঁতৰি যাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে টিয়াগ’ গাড়ীখনলৈ তিনি জাই গুলী নিক্ষেপ কৰে ৷
লগে লগে আৰক্ষীয়ে টি’য়াগ’ গাড়ী খনৰ পিছ লয় যদিও কুকুৰাকটা পাহাৰৰ সমীপত টি’য়াগ’ গাড়ী খনৰ পৰা আৰক্ষী গাড়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ দলটোৱে দুই জাঁই গুলী ফুঁটাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো তথ্য সদৰি কৰা নাই ।