/asomiyapratidin/media/media_files/2025/10/19/whatsapp-ima-2025-10-19-20-52-14.jpeg)
ডিজিটেল সংবাদ ,কলিয়াবৰঃ কলিয়াবৰৰ জখলাবন্ধাৰ সমীপবৰ্তী সৰুভগীয়াত দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হয়৷ জানিব পৰা মতে,শাকমুঠীয়া পথাৰৰ পৰা সৰুভগীয়াৰ পিছফালৰ বাঁহ বাৰীত আশ্ৰয় লৈ থকা সৰু পোৱালী সহ এটা হাতীয়ে পোনা বৰা (৭০) নামৰ মহিলা গৰাকীৰ ঘৰৰ চোতালত পৰিয়ালৰ আন আন সদস্যৰ সৈতে কথা পাতি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ চলাই গচকি গুৰুত্বৰভাবে আহত কৰে ৷
বন্যহস্তীৰ অতৰ্কিত আক্ৰমণত কিংকৰ্তব্যবিমূঢ় হৈ পৰিয়ালৰ আন আন সদস্য সকল যেনি-তেনি পলায় প্ৰাণ ৰক্ষা কৰে ৷ ইপিনে, সংকটজনক অৱস্থাত মহিলা গৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ সম্প্ৰতি মহিলাগৰাকীৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৃদ্ধা মহিলাগৰাকীয়ে ইহ সংসাৰত তিনি পুত্ৰ সন্তান আৰু এগৰাকী দুগৰাকী কন্যা সন্তান এৰি থৈ যায়৷