/asomiyapratidin/media/media_files/2025/08/21/sfdsdre-2025-08-21-20-18-11.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ ভোমোৰাগুৰিত বৃহস্পতিবাৰে এগৰাকী কৃষক সন্ধানহীন হোৱা ঘটনাই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ জানিব পৰা মতে,ভোমোৰাগুৰিৰ ধৰ্ম নাথ নামৰ কৃষক গৰাকীয়ে এটা পুখুৰীত মৰাপাট ধুই থকা অৱস্থাত নিখুঁজ হয়।
স্থানীয় ব্যক্তিয়ে নাথক পুখুৰীটোত সাঁতুৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল যদিও কিছু সময় পিছত সাঁতুৰি থকা ঠাইত নেদেখাৰ বাবে পানীত ডুব যোৱা বুলি সন্দেহ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/21/whatsapp-image-2025-08-21-20-16-46.jpeg)
ঘটনাস্থলীত এছডিআৰএফ, অগ্নি আৰু আপাতকালীন বিভাগৰ লোকৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us