/asomiyapratidin/media/media_files/2025/09/12/aasu-2025-09-12-10-45-35.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ বিজয়। ধেমাজি চিটি মহাবিদ্যালয়ৰ লগতে কলিয়াবৰ মহাবিদ্যালয়তো আছু সমৰ্থিত প্ৰাৰ্থীৰ বিজয়ে উৎসাহিত কৰিছে ছাত্ৰ সংগঠনটোক।
ধেমাজি চিটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ বিজয়
ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ধেমাজি চিটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ধেমাজি জিলা ছাত্ৰ সন্হাই বৃহত জয় লাভ কৰিছে ৷ নিৰ্বাচন অনুষ্ঠিত হোৱা সভাপতি , সাধাৰণ সম্পাদক সহ ১২ পদৰ সকলোতে ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৷ জিলা ছাত্ৰ সন্হাৰ নেতৃত্বই জনোৱামতে ফলাফল অনুসৰি সভানেত্ৰী পদত নীহাৰিকা দাস , উপ-সভাপতি অনিপ চুতীয়া, সাধাৰণ সম্পাদক উৎপল কোঁছ , সহকাৰী সাধাৰণ সম্পাদক হিৰণ্য কাশ্যপ বৰফুকন , সাংস্কৃতিক সম্পাদক ৰোমান চিৰিং , আলোচনী সম্পাদিকা- পূর্ণিমা বৰগোঁহাই , সাহিত্য আৰু সুকুমাৰ উদয় দত্ত , সমাজ সেৱাত দেজিনা সোনোৱাল ,গুৰু ক্ৰীড়াত নিৰৱজ্যোতি বৰুৱা , ক্ৰীড়াত তুৰস্কজ্যোতি চাংমাই , ছাত্ৰ জিৰনীত কৌশিক সোণোৱাল আৰু ছাত্রী জিৰণীত প্রণালী বৰাই জয় লাভ কৰিছে ৷
কলিয়াবৰ মহাবিদ্যালয়ত ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ১৪ টা পদতে আছু প্ৰাৰ্থীৰ জয় লাভ..
ডিজিটেল সংবাদ,কলিয়াবৰঃ পুনৰবাৰ আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা। সুদীৰ্ঘ বছৰ ধৰি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে ঘোষিত ছাত্ৰ একতা সভাৰ নির্বাচনত মুঠ ১৪ টা পদতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাৰ্থী সকলে জয়লাভ কৰে ৷ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী সকল ক্ৰমে সভাপতি পদত:গৌৰৱ খৰ্কা,উপ সভাপতি : অনুৰাগ বৰা, সাধাৰণ সম্পাদক : অংকুৰজ্যোতি ওজা, সহকাৰী সাধাৰণ সম্পাদক : মিন্টু ৰয়,বহিঃ ক্রীড়া সম্পাদক : ওৱাচিম আক্রাম,সাংস্কৃতিক সম্পাদক : মৃণ্ময় বৰা, উৎসৱ সম্পাদক : চন্দনা শইকীয়া,সঙ্গীত সম্পাদক : ৰমেন বসুমতাৰী , তর্ক সম্পাদক : ছাহানুৰ শ্বেখ সমাজ সেৱা সম্পাদক : কৌস্তৱ শিৱম ,আলোচনী সম্পাদক : গিতাৰ্থী বৰা ,সাহিত্য আৰু কলা সম্পাদক : নিহাৰিকা বৰদলৈ ছাত্ৰ জিৰণী কোঠা সম্পাদক : অংশুমান গায়ন আৰু ছাত্রী জিৰণী কোঠা সম্পাদিকাৰ পদত প্ৰিয়াংখী ভূঞাই জয়লাভ কৰে । নিৰ্বাচনী ফলাফল ঘোষনা হোৱাৰ লগে লগে নিশা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আনন্দমুখৰ পৰিবেশত মুখৰিত হৈ উঠে। আছুৰ সদস্যসকলে কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাজপথত নিশা শোভাযাত্ৰা উলিয়াই আকাশ-বতাহ উত্তাল কৰি তোলে ৷