/asomiyapratidin/media/media_files/2026/01/29/ytsdyatsayusa-2026-01-29-11-49-34.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ফলিমাৰী দ্বিতীয় খণ্ড এলেকাত থকা সাৰ্বজনীন শ্মশান কালী মন্দিৰটো এতিয়া অস্তিত্বৰ সংকটত ভূগিছে। এই সাৰ্বজনীন শ্মশান কালী মন্দিৰৰ মাটি দখল কৰাত নামি পৰিছে একাংশ লোকে। মন্দিৰৰ মাটি দখল কৰি একাংশই বনাইছে ঘৰ-দুৱাৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/capturefdfdfdfdfdfd-2026-01-29-11-50-50.jpg)
ধুবুৰীৰ ফলিমাৰী দ্বিতীয় খণ্ড এলেকাৰ ২২ আৰু ২৩ নং দাগৰ মন্দিৰৰ নামত থকা প্ৰায় ১০ বিঘা মাটিৰ ৩ বিঘাই একাংশ লোকে দখল কৰি ঘৰ-বাৰী বনাই বসতি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। এই কালী মন্দিৰৰ স্থানৰ পৰা উত্তৰ দিশে প্ৰায় ৩০০ মিটাৰ দূৰত্বৰ ভিতৰত মন্দিৰৰ প্ৰায় ৩ বিঘা মাটি দখল কৰি লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/capturegrfdfdfd-2026-01-29-11-51-21.jpg)
উল্লেখযোগ্য যে, ধুবুৰীৰ ঝগৰাৰপাৰ, টিয়ামাৰী, ফলিমাৰী দ্বিতীয় খণ্ড এই তিনি খন গাঁওৰ প্ৰায় ১০ হেজাৰৰো অধিক গঞা ৰাইজ এই মন্দিৰটোৰ লগত জড়িত হৈ আছে। মন্দিৰৰ দখলকৃত মাটি পুনৰ মন্দিৰৰ নামত ওভোতাই অনাৰ বাবে গঞা ৰাইজৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us