/asomiyapratidin/media/media_files/2025/10/21/d824d5a5-2b9c-46a8-90c9-34bc5355f761-2025-10-21-08-51-57.jpeg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল বৰমতাৰ চেগুনবস্তি পূঁজা উদযাপন সমিতিৰ উদ্যোগত স্হানীয় ৰাইজৰ সহযোগত ২০ তম শ্ৰী শ্ৰী কালী উদযাপন কৰা হয়।
এই পূঁজা উৎসৱৰ প্ৰথম কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজে অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ লগতে স্হানীয় কন্ঠ শিল্পী প্ৰকাশ প্ৰধানে মায়া বিনি গীত গাই যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোৱৰণ কৰে।
তাৰ পাছত অৰুণ জ্যোতি কীৰ্তন সংঘ, বৰমতা কল্যাণী কীৰ্তন সংঘ আৰু মনীষা কীৰ্তন সংঘই কীৰ্তন পৰিবেশন কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে মা কালীৰ শ্ৰী চৰণ ত সেৱা লৈ সকলোৰে মংগল কামনা কৰে। উদযাপন সমিতিৰ সভাপতি চুকেশ্বৰ বৰা, সম্পাদক চেমন কুমাৰ ৰাণা আৰু সঞ্জীৱ ৰাণাই অংশগ্ৰহণকাৰী ভক্ত প্ৰাণ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us