/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-15-06-31.jpg)
ডিজিটেল ডেস্কঃ আজি মুকলি হ'ব শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নির্মাণ কৰা হৈছে এই আটকধুনীয়া প্রেক্ষাগৃহটো। এই ৮০০ আসনযুক্ত প্ৰেক্ষাগৃহই সাংস্কৃতিক অনুষ্ঠানৰ বাবে এক নতুন বিকল্পৰ সংযোজন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-ima-2026-01-27-15-05-44.jpeg)
উল্লেখ্য যে, ৫২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈছে এই প্ৰেক্ষাগৃহটো। অত্যাধুনিক প্ৰযুক্তিসম্পন্ন প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি সন্ধিয়া ৫.৩০ বজাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ লগতে এখন আটকধুনীয়া সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত কৰা হৈছে। যত উপস্থিত থাকিব বহু গণ্য মান্য লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us