/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-11-49-29.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ কলাগুৰু বঁটা প্ৰাপক ঢোলৰ ওজা লোকশিল্পীৰ একান্ত সাধক কলাগুৰুৰ সান্নিধ্য প্ৰাপ্ত তেজপুৰৰ অনিৰাম নাথ আৰু নাই। অগনন গুনমুগ্ধ আৰু শুভাকাংক্ষীক কন্দুৱাই শুকুৰবাৰে নিশা ৮২ বছৰ বয়সত বিশিষ্ট শিল্পী গৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। আনহাতে হঠাতে সকলোৰে আদৰৰ লোকশিল্পী গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ শোকস্তব্ধ হৈ পৰে।
শুকুৰবাৰে নিশাই অগনন গুনমুগ্ধ পিঠাখোৱাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে, শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বিহগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ নিবাসী অনিৰাম নাথে বাল্য কালৰ পৰাই ঢোল,নাগাৰা,দোঁতাৰা, পেঁপা,বাঁহী আৰু গগনা আদিকে ধৰি অসমীয়া লোককলা সংস্কৃতিৰ বিভিন্ন ধৰনৰ বাদ্যযন্ত্ৰ আকৰ্ষণীয় তথা অনন্য ৰূপত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰিছিল।
সেই অনুসৰি ৰাজ্যখনৰ লোক সংস্কৃতিৰ প্ৰতি ওৰেটো জীৱন আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৯ চনত মহান শিল্পী জুবিন গাৰ্গে কলাগুৰু বঁটা প্ৰদান কৰিছিল। তদুপৰি অসম চৰকাৰে লোককলাৰ সাধক,ঢোলৰ ওজা অনিৰাম নাথক শিল্পী পেঞ্চন প্ৰদানেৰে সন্মানিত কৰিছিল।
উল্লেখ্য যে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘ দিন ধৰি আগবঢ়াই অহা বহুমূলীয়া অৱদানৰ বাবে বিশিষ্ট লোকশিল্পী গৰাকীয়ে মোহন ভাইৰা স্মাৰক বঁটাও লাভ কৰি সকলোকে গৌৰৱান্বিত কৰি তুলিছিল। এইক্ষেত্ৰত অতি সৰলমনৰ শিল্পীগৰাকীৰ বিয়োগত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us