২০০ জোপা নেমু, ৪০০জোপা তামোলঃ কাকীৰ সত্যেন বৰাৰ কৃষি বিপ্লৱ...

কৃষিৰ জৰিয়তেও হ'ব পাৰি লাখপতি। অসমৰ দৰে কৃষি প্ৰধান এখন ৰাজ্যত খেতিৰ জৰিয়তে লাভৱান হোৱা বহু স্থল আছে। কিন্তু আমাৰ প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱৰ বাবে সেয়া বহু সময়ত হৈ নুঠে। কিন্তু

author-image
Asomiya Pratidin
New Update
new ap web 2 (35)

ডিজিটেল সংবাদ, লংকাঃ কৃষিৰ জৰিয়তেও হ'ব পাৰি লাখপতি। অসমৰ দৰে কৃষি প্ৰধান এখন ৰাজ্যত খেতিৰ জৰিয়তে লাভৱান হোৱা বহু স্থল আছে। কিন্তু আমাৰ প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱৰ বাবে সেয়া বহু সময়ত হৈ নুঠে। কিন্তু শেহতীয়াকৈ অসমত কৃষিৰ জৰিয়তে নিজেও স্বাৱলম্বী হোৱাৰ লগতে আন ১০জনকো স্বাৱলম্বী কৰিব পৰা বহু অসমীয়া যুৱকে কাম কৰি আছে।

eb1ca4cd-c465-4e61-902c-042009cea911

কৃষি কৰ্মৰে উজলি উঠিছে লংকাৰ ২ নং কাকী নাৰায়ণপুৰৰ যুৱক সত্যেন বৰা। ধান, উদ্যান শস্য নেমু, তামোল-পাণ, নাৰিকল আৰু মৎস্য উৎপাদনৰে বছৰি ৩০- ৩৫ লাখ টকা উপাৰ্জন কৰিছে সত্যেন বৰাই। ১৩২ বিঘা শালি ধানৰ খেতি,প্ৰায় ২০০ জোপা নেমু গছ,৪০০ জোপা তামোলৰ গছ, প্ৰায় ২ বিঘা মাটিৰ পুখুৰীত মৎস্য পালন বছৰি এই বৃহৎ পৰিমাণৰ উপাৰ্জনৰ মুখ দেখিবলৈ সক্ষম হৈছে।

c1d6b8b9-c21f-46c9-b603-5be5bc3a42c1

ইফালে পুণৰ কাকীত বড়ো ধানৰ খেতি পোনপ্ৰথম বাৰৰ বাবে ২০ বিঘা মাটিত কৰি ৬-৭ লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে কঠীয়া পাৰি খেতিৰ বাবে প্ৰস্তুতি চলাইছে। কৃষি বিভাগৰ সহযোগত কৃষি কৰ্মৰ জৰিয়তে ভবিষ্যতৰ সপোন ৰচা সত্যেন বৰা এনে কৰ্ময়ে এই নতুন বৰ্ষত নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব যুৱ প্ৰজন্মক।

a3d0fc3b-8809-45c5-9e4b-1922d0ddc1ee

কৃষি বিপ্লৱ