কাজলগাঁৱত জঘন্য ঘটনাঃ কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰত ষাঠিৰ উৰ্দ্ধৰ বৃদ্ধ...

চিৰাঙৰ কাজলগাঁও থানা এলেকাত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । এগৰাকী ষাঠিৰ উৰ্দ্ধ লম্পট বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰী ।

author-image
Asomiya Pratidin
New Update
ijjjs

ডিজিটেল সংবাদ, চিৰাংঃ  চিৰাঙৰ কাজলগাঁও থানা এলেকাত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । এগৰাকী ষাঠিৰ উৰ্দ্ধ লম্পট বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰী । লম্পট বৃদ্ধ গৰাকীৰ কামনাৰ বলি দুৰ্ভগীয়া ১৪ বছৰীয়া কিশোৰী গৰাকী এতিয়া ছমাহৰ গৰ্ভৱতী । ১৪ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে এই জঘণ্য কাণ্ড সংঘটিত কৰা লম্পট বৃদ্ধ গৰাকী নাম অনাথ বৰ্মন (৬৫) ।

কালিৰ দিনটোত এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছত নিশা স্থানীয় ৰাইজে অভিযুক্ত অনাথ বৰ্মনক ঘৰৰ পৰা উলিয়াই আনি উত্তম মাধ্যম দি কাজলগাঁও থানাৰ আৰক্ষীৰ হাতত গতাই দিয়ে । পিছত নিৰ্য্যাতিতা কিশোৰী গৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে ১৪ বছৰীয়া পিতৃহীন কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত অনাথ বৰ্মন নামৰ লম্পট চৰিত্ৰৰ বৃদ্ধ জনক  প'কচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ।

ওচৰ চুবুৰীয়া মহিলা সকলৰ অভিযোগ লম্পট চৰিত্ৰৰ অনাথ বৰ্মনে কিশোৰী গৰাকীক ফুচুলাই নি চৰিতাৰ্থ পূৰণ কৰি পৰবৰ্তী সময়ত কিশোৰী গৰাকীক এই সমগ্ৰ যাতে কাৰো আগত সদৰি নকৰে তাৰবাবে তাইক বিভিন্ন ধৰনে মৃত্যুৰ ভয় ভাবুকি প্ৰদান কৰি আছিল। এই ভয়ত কিশোৰী গৰাকী কাৰো আগত তাইৰ সৈতে হোৱা ঘটনা জনোৱাৰ পৰা বিৰত আছিল।

ইপিনে কিশোৰী গৰাকীৰ শাৰীৰিক লক্ষণ পৰিবৰ্তন হোৱা দেখি সন্দেহবশতঃ স্থানীয় মহিলা সকলে তাইক সোধপোছ কৰাত অনাথ বৰ্মনৰ কুকৰ্মৰ কথা পোহৰলৈ আহে। এই ঘটনা পোহৰলৈ অহাৰ পিছত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কালি নিশা লম্পট অনাথ বৰ্মনক ৰাইজে ঘৰৰ পৰা উলিয়াই আনি উত্তম মাধ্যম দি পিছত আৰক্ষীৰ হাতত গতাই দিয়ে। ভুক্তভোগী কিশোৰী গৰাকীৰ ন্যায় প্ৰাপ্তিৰ হকে অভিযুক্ত অনাথ বৰ্মনৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় মহিলা সংগঠন।

চিৰাং