/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/kn486h8j/d54b2849-1528-426e-b233-9667da89a4a1.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ কাজলগাঁও শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলা আজি সন্ধিয়া ৬:০০ বজাত আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্বোধন কৰে ৰাজ্য সভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে । অহা ২৭ অক্টোবৰলৈ চলিবলগা এই পূজা ও মেলা উদ্বোধন কৰি সাংসদ নাৰ্জাৰীয়ে কয় যে, কাজলগাঁও শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলাৰ এতিয়া মাথো কাজলগাঁওবাসী বা চিৰাংবাসীৰ হৈ থকা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/0n0m1vbb/17d68338-f9ee-49b4-a8ec-248b024d3247.jpg)
সম্প্ৰতি এই পূজা ও মেলা বি টি এ ডিৰ লগতে ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেখেতে লগতে এই পূজা ও মেলাই বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত ঐক্য, শান্তি- সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও ব্যক্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/j1gac0u3/16b3b008-ce33-47ed-8fe5-75ed1c513370.jpg)
পূজা ও মেলাৰ লগত সংগতি ৰাখি আজিৰ আৰম্ভণিৰ দিনাখন বিয়লি ৪:০০ বজাত বড়ো, অসমীয়া, ৰাভা, আদিবাসী (চান্তাল), কোচ ৰাজবংশী, বেংগলী, নেপালী (গোৰ্খা)কৰে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/snhprpk9/3acca72b-e111-4cec-8605-b2dda9bca6d1.jpg)
নিৰ্মীয়মান কাজলগাঁও ব্ৰহ্ম যজ্ঞালয়া ও শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগনৰ পৰা উলিযওৱা এই শোভাযাত্ৰা কাজলগাঁও নগৰ সমিতি কাৰ্যালয় হৈ পুণৰ উভতি আহে। পিছত মুকলি মঞ্চত প্ৰদৰ্শিত হয় উল্লেখিত ৭ জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য গীত।