/asomiyapratidin/media/media_files/2025/11/24/310-2025-11-24-21-57-27.jpg)
ডিজিটেল সংবাদ, চিৰাং : জনজাতিকৰণ, ভূমিপট্টা প্ৰদান আদি কৰি কেইবাটাও দাবী উত্থাপন কৰি চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । চিৰাং জিলা আছাৰ উদ্যোগত আয়োজিত আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা প্ৰায় দুই সহস্ৰাধিক লোকে সমবেত হৈ বিজেপি দল মিছলীয়া, অসম চৰকাৰ মিছলীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব মিছলীয়া, জনজাতিকৰণ আমাক লাগিবই, ভূমিপট্টা প্ৰদান কৰক, গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্থ সকলক পুনৰসংস্থাপন দিয়ক, আদিবাসী শান্তিচুক্তি এশ শতাংশ ৰূপায়ন কৰক, আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা আছাৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাইছেন টুডুৱে প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত কয় যে বিগত নিৰ্বাচন সমূহত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ সভাত কৈছিলে দেশত তথা ৰাজ্যত বিজেপি দলৰ চৰকাৰ আহিলে ৬ মাহৰ ভিতৰতে অসমত বসবাস কৰা আদিবাসী সকলক জনজাতিকৰণ কৰিব। পৰবৰ্তী সময়ত বিজেপি দলৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ তিনিটা কাৰ্যকাল আৰু ৰাজ্য চৰকাৰৰ দুটা কাৰ্যকাল উকলি যাবৰ হল কিন্তু আদিবাসী সকলৰ জনজাতিকৰণ দাবী আজিলৈকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আজিলৈকে পূৰণ নকৰিলে।
বিজেপি দল তথা ইয়াৰ নেতাসকল যে মিছলীয়া ৰাজনীতি কৰিছে সেয়া অসমৰ আদিবাসীসকলে বুজি উঠিছে । বিজেপিয়ে আদিবাসীসকলক জনজাতিকৰণ নকৰাৰ ফল ভোগ কৰিব লাগিব বুলি সকীয়নি প্ৰদান কৰে ছাত্ৰ নেতাজনে ।
আদিবাসীসকলৰ জলন্ত সমস্যাসমূহলৈ ৰাজনীতি কৰা বন্ধ কৰিবলৈ সকিয়াই দিয়ে চৰকাৰক। কাইলৈ অৰ্থ্যাৎ ২৫ নভেম্বৰ দিনটোত আদিবাসী সকলক জনজাতিকৰণ কৰাৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে । কাৰণ যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত আদিবাসী সকল জনজাতিৰ মৰ্য্যাদা লাভ কৰি আছে যদিও কেৱল অসমত আদিবাসী সকলে জনজাতিকৰণৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-22-00-55.jpeg)
দীৰ্ঘদিন ধৰি আদিবাসী সকলৰ প্ৰাপ্য দাবী পূৰণ কৰিবলৈ আন্দোলন কৰি থকাৰ পিছতো চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণক লৈ মিথ্যাচাৰৰ ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে । অসমত বসবাস কৰা আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, বনাঞ্চলৰ ভূমিসহ অন্যান্য ভূমিত বসবাস কৰা আদিবাসী সকলৰ ভূমিপট্টা প্ৰদান কৰা, ১৯৯৪, ১৯৯৬ আৰু ২০১৪ চনত গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্থ হোৱা আদিবাসী পৰিয়াল বিলাকক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰসংস্থাপন কৰা, আদিবাসী সকলক নিজৰ ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা, আদিবাসী শান্তিচুক্তিৰ প্ৰতিটো দফা অতিশীঘ্ৰেই ৰূপায়ন কৰা আদি কৰি অন্যান্য কেবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ চিৰাং জিলা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us