কাজলগাঁৱত এবছু, আৰছু, বড়ো সাহিত্য সভা আৰু ট্ৰাইবেল সংঘৰ জোঁৰ সমদল

প্ৰায় দুই সহস্ৰাধিক যুৱক যুৱতী, পুৰুষ মহিলাই অংশগ্ৰহণ কৰা জোঁৰ সমদল কাজলগাঁৱৰ জিলা এবছুৰ কাৰ্য্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দি প্ৰায় এক কিলোমিটাৰ পথ সমদল কৰি পুনৰ আৰম্ভ কৰা স্থানতে সমাপ্ত কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিৰাং:  ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰি বিধানসভাৰ মজিয়াত উত্থাপন কৰিবলৈ আগবাঢ়িছে তাৰ তীব্ৰ বিৰোধীতা কৰি চিৰাং জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন জনজাতীয় দল সংগঠনৰ সহযোগত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বিশাল জোঁৰ সমদল উলিওৱা হয় ।

প্ৰায় দুই সহস্ৰাধিক যুৱক যুৱতী, পুৰুষ মহিলাই অংশগ্ৰহণ কৰা জোঁৰ সমদল কাজলগাঁৱৰ জিলা এবছুৰ কাৰ্য্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দি প্ৰায় এক কিলোমিটাৰ পথ সমদল কৰি পুনৰ আৰম্ভ কৰা স্থানতে সমাপ্ত কৰা হয়।

কাজলগাঁৱৰ আজিৰ এই জোঁৰ সমদলত অংশগ্ৰহণ কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰে  মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ-ৰাজবংশী আৰু আদিবাসী সকলক নতুনকৈ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰি অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ যোজা চলাইছে।

ইয়াৰ বিৰোধীতা কৰিয়ে আজি চিৰাং জিলাৰ বড়ো, ৰাভা, হাজোং সহ অন্যান্য জনজাতীয় দল সংগঠন সমূহে ঐক্যবদ্ধ ভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে । কাৰণ অসম চৰকাৰে যদি ইতিমধ্যেই সকলো দিশত উন্নত জাতি হিচাপে সমাজত প্ৰতিষ্ঠিত হৈছে সেই জনগোষ্ঠী সকলক যদি নতুনকৈ জনজাতিৰ মৰ্যাদা প্ৰদান কৰে তেন্তে পূৰ্বৰে পৰা অসমত বসবাস প্ৰকৃত জনজাতি লোক সকলে তেওঁলোকৰ সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত তথা খৰ্ব কৰাৰ আশংকা প্ৰকাশ কৰি আজি অসম চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰিয়ে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছো।

 আনপিনে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে আমি আজিৰ এই প্ৰতিবাদী সমদলৰ কোনো জাতি জনগোষ্ঠীৰ বিৰোধীতা কৰা নাই । আমি আমাৰ জনজাতি হিচাপে আমাৰ দেশৰ সংবিধানে দিয়া সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব বিচাৰিছো।

চৰকাৰে পূৰ্বৰে পৰা অসমত বসবাস কৰা প্ৰকৃত জনজাতি সকলৰ অধিকাৰ খৰ্ব নকৰাকৈ বিকল্প অন্যকোনো ধৰনে ছয় জনগোষ্ঠীক জনজাতিৰ সমস্যাটোৰ সমাধান কৰক সেয়াই আমি দাবী জনাইছো। প্ৰকৃত জনজাতি সকলৰ অধিকাৰ খৰ্ব কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো আমি কেতিয়াও মানি নলওঁ।

ইয়াৰ বিৰুদ্ধে আমি অধিক তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আজিৰ এই জোঁৰ সমদলত এবছুৰ উপৰি সদৌ অসম অসম ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভা, ৰাভা ছাত্ৰ সন্থা, হাজোং ছাত্ৰ সন্থাৰ উপৰি অন্যান্য জনজাতি দল সংগঠনে অংশগ্ৰহণ কৰে ।

চিৰাং