কাজলগাঁৱত উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ আৰু সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ দাবী

উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰক, সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰক, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী পূৰণ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং:  উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ আৰু সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত চিৰাং জিলা সদৰ কাজলগাঁৱত বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় ।

সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ আহ্বানত প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলা, যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদল কাজলগাঁও সাপ্তাহিক বজাৰ প্ৰেক্ষাগৃহৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি সমদল কৰি সূত্ৰধৰ জনগোষ্ঠী সকলৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰক, সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰক, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী পূৰণ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে । 

সূত্ৰধৰ ছাত্ৰ সন্থাৰ আজিৰ এই প্ৰতিবাদী সমদলৰ নেতৃত্ব প্ৰদান কৰা ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ অন্যতম ক্ষুদ্ৰ আৰু অতিকৈ পিছপৰা খিলঞ্জীয়া জনগোষ্ঠী হৈছে সূত্ৰধৰ জনগোষ্ঠী । এই পিছপৰা জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি দীৰ্ঘদিন দিন ধৰি আন্দোলন কৰি আহিছো।

আমাৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ত আমাৰ সৈতে আলোচনা কৰি কম সময়ৰ ভিতৰতে সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰি দিয়া হব বুলি বহুবাৰ কথা দি পিছলৈ সেই কথা তেখেতে ৰাখিব পৰা নাই । যাৰ কাৰনেই আমি আকৌ আমাৰ অধিকাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছে । যাৰ কাৰনেই আমি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এগৰাকী মিচলীয়া মুখ্যমন্ত্ৰী আখ্যা দিছে ছাত্ৰ সংগঠনটোৰ সভাপতিয়ে ।

আগন্তুক অসম বিধানসভাৰ শীতকালীন বাজেট অধিৱেশনৰ আগতেই সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰা আৰু অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ আৰু সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী উত্থাপন কৰে । অহা ২৫ নৱেম্বৰত ১০ হেজাৰ সূত্ৰধৰ জনগোষ্ঠীৰ লোকে গুৱাহাটী মহানগৰীত সমৱেত হৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হব ।

ইয়াৰ পিছতো যদি অসম চৰকাৰে জনগোষ্ঠীটোৰ বাবে কোনো ধৰনৰ যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে আগন্তুক দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধৰ লগতে অসম বন্ধৰ দৰে কাৰ্য্যসূচী হাতত লৈ জঙ্গি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

ইয়াৰ পিছতো যদি চৰকাৰৰ গাঁ নলৰে তেনেহলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সূত্ৰধৰ জনগোষ্ঠীয়ে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি গাঁৱে-ভূঞে গৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে সদৌ সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে।

 প্ৰতিবাদী সমদল গৈ চিৰাং জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ লৈ জিলাৰ আয়ুক্তৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কাজলগাঁও