কাজলগাঁৱত আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ পৰ্যালোচনা বৈঠক

চিৰাং জিলাত অপৰাধমূলক কাৰ্য্যকলাপৰ পৰিমাণ সংখ্যা যথেষ্ট নিম্নগামী হৈছে আৰু ফলস্বৰূপ জিলাতখনত এই শান্তিৰ পৰিৱেশ বিৰাজ কৰি আছে বুলি মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং:  চিৰাং জিলা আৰক্ষীৰ পাৰদৰ্শিতাৰ কথা উল্লেখ কৰি প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং ব্ৰাৰ। আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আগন্তুক বিটিচি নিৰ্বাচনক লৈ আইন শৃংখলা আৰু নিৰাপত্তাজনিত বিষয়ৰ ওপৰত এক পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে চিৰাং আৰক্ষীয়ে জিলাখনত আইন শৃংখলা আৰু অপৰাধমূলক কাৰ্য্যকলাপ দমন কৰাৰ ক্ষেত্ৰত অতি দক্ষতাৰে সৈতে কাম কৰি আছে বুলি উল্লেখ কৰে।

Advertisment

 যাৰ কাৰণে চিৰাং জিলাত অপৰাধমূলক কাৰ্য্যকলাপৰ পৰিমাণ সংখ্যা যথেষ্ট নিম্নগামী হৈছে আৰু ফলস্বৰূপ জিলাতখনত এই শান্তিৰ পৰিৱেশ বিৰাজ কৰি আছে বুলি মন্তব্য কৰে। কালিৰ দিনটোত কোকৰাঝাৰত থাকি জিলাখনৰ আইন শৃংখলাজনিত পৰিৱেশৰ বুজলৈ আজি কাজলগাঁৱত নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা অনুযায়ী আগন্তুক বিটিচি নিৰ্বাচন যাতে কোনো ধৰনৰ আইন শৃংখলাজনিত পৰিৱেশ সৃষ্টি নোহোৱাকৈ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু ভয়ভীতি অবিহনেই নিৰ্বাচন অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিৰাং জিলা আৰক্ষীৰ সৈতে এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়।

নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা অনুসৰি বৈঠকত জিলাখনৰ পূৰ্বতে নিৰ্ধাৰিত কৰি ৰখা কিছু এলেকাত প্ৰয়োজন অনুসৰি নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰা হয়। আজিৰ পৰ্যালোচনা বৈঠকত চিৰাং জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) অমিত কুমাৰ মাহাতো, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) নিতীশা সঞ্জয় জগতপ, বিজনীৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, উপ আৰক্ষী অধীক্ষক (সদৰ) জীৱন দাস আদি কৰি চিৰাং জিলাৰ প্ৰতিটো থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে।

চিৰাং