/asomiyapratidin/media/media_files/2025/09/05/web-ap-2-2025-09-05-09-52-30.jpg)
ডিজিটেল ডেস্কঃ মানৱীয়তাৰ স্খলনে যে চৰম পৰ্যায়ত উপনীত হৈছে তাৰ প্ৰমাণ পুনৰ এবাৰ পোৱা গ’ল গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ হিৰিম্বাপুৰত। ধন, সম্পত্তিৰ সন্মুখত আত্মিক সম্পৰ্কও এতিয়া নোহাৱা হৈ পৰিল। ভূৱনেশ্বৰ ডেকা নামৰ এগৰাকী ষাঠিৰ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হোৱা গুৰুতৰ অভিযোগে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।
মহানগৰীৰ কাহিলীপাৰাৰ হিৰিম্বাপুৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। দুই নাতি, নাতিনীৰ সৈতে বোৱাৰীয়েকক ঘৰৰ পৰা উলিয়াই দিলে ভূৱনেশ্বৰ ডেকা নামৰ ব্যক্তিজনে। অভিযোগ অনুসৰি সবিতা ডেকা নামৰ মহিলাগৰাকীয়ে নিজৰ প্ৰয়াত স্বামীৰ সকাম কৰিবলৈ গৈছিল বাইহাটা চাৰিআলিত থকা গাঁৱলৈ।
সেই সকাম শেষ কৰি গুৱাহাটীৰ ঘৰলৈ ঘূৰি অহাৰ পিছতেই জানিবলৈ পালে তেওঁলোকৰ ঘৰ দখল কৰিছে শহুৰেক ভূৱনেশ্বৰ ডেকাই। স্বামীৰ মৃত্যুৰ পিছতো শহুৰেক তেওঁৰ ঘৰলৈ আহি থাকিছিল যদিও এইবাৰ তেওঁ আহি ঘৰটো দখল কৰে।
ঘৰ দখল কৰি তেওঁ বোৱাৰীয়েক আৰু দুই নাতি, নাতিনীক ঘৰৰ পৰা উলিয়াই দিয়ে। বৃহস্পতিবাৰে তেওঁলোক গাঁৱৰ পৰা আহি ঘৰৰ বাহিৰতেই পুৱাৰ পৰা বহি থাকিবলগীয়া হ’ল নিশালৈ। পিছত এই ঘটনাৰ সবিশেষ জানিব পাৰি স্থানীয় ৰাইজে বল প্ৰয়োগ কৰি ঘৰটোত প্ৰৱেশ কৰিবলৈ বাধ্য হয়। এই সময়ছোৱাত ভূৱনেশ্বৰ ডেকাই কৰা আক্ৰমণত কেইবাজনো লোক আহত হোৱাৰো অভিযোগ উঠিছে। একেদৰে ওদালবাক্ৰা আৰু দিছপুৰ আৰক্ষীৰ বিৰুদ্ধেও উত্থাপিত হৈছে গোচৰ নোলোৱাৰ অভিযোগ।
সবিতা ডেকা নামৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোৱা মতে শহুৰেক ভূৱনেশ্বৰ ডেকাই তেওঁ ঘৰত সোমাবলৈ দিয়া নাই। তেওঁ কয়, মোৰ দুটা সন্তান আছে। এই দুই সন্তান লৈ মই কলৈ যাম? সেয়ে মই ৰাইজক মাতি তেওঁলোকৰ সহায় লৈছো।
তেওঁ আৰু কয়, শহুৰ দেউতাই ঘৰত সোমাবলৈ নিদি, ঘৰ দখল কৰাৰ পিছতে দিছপুৰ, ওদালবাক্ৰা আৰক্ষী থানাত গোচৰ দিছো কিন্তু আৰক্ষী থানাই গোচৰ নললে। প্ৰথমে ওদালবাক্ৰা আৰক্ষী আহিছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা নলৈ অহাৰ পথেৰেই উভতি গ’ল। তাৰ পিছত মই দিছপুৰ আৰক্ষী থানাত গোচৰ দিবলৈ গৈছিলো যদিও তেওঁলোকে এজাহাৰখনেই নললে।
তেওঁ কয়, মোৰ শহুৰ দেউতা প্ৰথমে গাঁৱত আছিল- বাইহাটা চাৰিআলিৰ হাজেত থাকে। স্বামীৰ মৃত্যুৰ পাছত মাজে মাজে আহি থাকিছিল। তেওঁ বুধবাৰৰ পৰা মহিলা এগৰাকীক লৈ ইয়াত আছেহি। মই ইয়ালৈ অহাৰ পিছত তেখেতক ঘৰৰ চাবি খুজিলো। তেওঁ কৈছে মই তোক কেতিয়াও চাবি নিদিও। তোৰ এই ঘৰত অধিকাৰ নাই, তোৰ সন্তানৰো অধিকাৰ নাই।
এনে পৰিস্থিতিত দিনটো ঘৰৰ বাহিৰত থকা সবিতা ডেকাক সহায় কৰিবলৈ নিশালৈ ওলাই আহে স্থানীয় ৰাইজে। ৰাইজে ঘৰৰ গ্ৰীল আৰু দুৱাৰৰ তলা ভাঙি প্ৰবেশ কৰে ঘৰটোত। ফলত ভূৱনেশ্বৰ ডেকাই তেওঁলোকক আক্ৰমণ কৰে। অৱশ্যে নিশা আৰক্ষীয়ে আহি ভূৱনেশ্বৰ ডেকাক আৰক্ষী থানালৈ লৈ যায়।