ধলাই, কাটিগৰাত ২০হাজাৰ য়াবা টেবলেট জব্দ! চাৰি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ....

কাছাৰত পুনৰ নিচাজাতীয় য়াবা টেবলেট জব্দ। কাটিগৰাত ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ‌ পিচত ধলাই সমষ্টিৰ জয়ধনপুৰত পুনৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। জয়ধনপুৰৰ ড্ৰাগছ মাফিয়া

author-image
Asomiya Pratidin
New Update
ydhhd

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰত পুনৰ নিচাজাতীয় য়াবা টেবলেট জব্দ। কাটিগৰাত ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ‌ পিচত ধলাই সমষ্টিৰ জয়ধনপুৰত পুনৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। জয়ধনপুৰৰ ড্ৰাগছ মাফিয়া চাদ্দাম হুছেইন বৰভুঞাই তেওঁৰ ভনীয়েকৰ ঘৰত ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট বিক্ৰীৰ  বাবে যো যা চলাওতে ধলাই আৰক্ষীৰ দল এটা উপস্থিত হৈ জব্দ কৰে টেবলেট খিনি।‌

আৰক্ষীক দেখি চাদ্দাম হুছেইনে পলায়নৰ‌ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।‌ ঘৰৰ ভিতৰত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ১০ হাজাৰ টেবলেট। জব্দ কৰা টেবলেট খিনিৰ‌ মুল্য এক কোটি টকাতকৈ অধিক বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

উল্লেখ্য যে ইয়াৰ পুৰ্বে কাছাৰৰ জিলাৰ‌ কাটিগৰা বাংলাদেশ সীমান্তৰ ৰাজাটিলা এলেকাৰ পৰা ১০ হাজাৰ য়াবা টেবলেট সহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল কাটিগৰা আৰক্ষীয়ে। জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ ৰাজাটিলাৰ তাজ উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলায়।

অভিযান কালত আৰক্ষীয়ে লোকজনৰ ঘৰৰ ভিতৰত মাটি পুঁতি থোৱা অবস্থাত ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুখন বাইক, এখন টাটা চুমো আৰু তিনিটা মোৱাইল ফোন । ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুক্তাদিৰ হুছেইন, শ্বাহজাহান আৰু কমৰুল নামৰ তিনি ড্ৰাগছ ব্যৱসায়ীক।

 ইয়াৰে মুক্তাদিৰ হুছেইন এগৰাকী চৰকাৰী চাকৰিয়াল বুলি জানিব পৰা গৈছে। দুয়ো স্হানত জব্দ কৰা টেবলেট খিনিৰ‌ মুল্য প্ৰায় তিনি কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।‌ এই‌ সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

শিলচৰ