/asomiyapratidin/media/media_files/2026/01/08/new-ap-web-2-3-2026-01-08-09-26-06.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ৰাজনীতিৰ এগৰাকী অন্যতম কাণ্ডাৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ আজি শিলচৰ শ্মশানঘাটত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব। কালি শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত ৯৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।
প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱা প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহ মেডিকেল কলেজৰ পৰা প্ৰথমে কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হয়। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত তেওঁক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায়। তাত আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকলে তেওঁক শেষ বিদায় দিয়ে।
খেলপথাৰৰ পৰা অন্তিম যাত্ৰাৰে তেওঁৰ নশ্বৰ দেহ ইতিমধ্যে শিলচৰ শ্মশানঘাটলৈ লৈ হৈছে। তাত ৰাজ্যিক সন্মানেৰে অন্তিম সংস্কাৰ কৰা হ’ব। উল্লেখ্য যে, 'অসম বিজেপিৰ পিতামহ' ৰূপে খ্যাত কবীন্দ্ৰ পুৰকায়স্থই ১৯৯১ চনত প্ৰথমবাৰৰ বাবে শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰত তেওঁ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us