এসময়ত খালী ভৰিৰে স্কুললৈ যোৱা ল’ৰাটো এতিয়া জোনবাই যাত্ৰাৰ সেনাপতি…

এসময়ত খালী ভৰিৰে স্কুললৈ যোৱা ল’ৰাটো এতিয়া জোনবাই যাত্ৰাৰ সেনাপতি…

author-image
asomiyapratidin
New Update
এসময়ত খালী ভৰিৰে স্কুললৈ যোৱা ল’ৰাটো এতিয়া জোনবাই যাত্ৰাৰ সেনাপতি…

ডিম্পুল বৰগোহাঁই

Advertisment

চেষ্টাৰ অসাধ্য নাই, নিজৰ কৰিবলগীয়াখিনি নিষ্ঠাৰে সম্পাদন কৰি গলেই এদিন সফলতাই চৰণ চুমিব। এই কথাই যেন প্ৰমাণ কৰিলে ইছৰ'ৰ অধ্যক্ষ কে শিৱনে। এজন খেতিয়কৰ পুত্ৰ হৈ কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে চৰকাৰী বিদ্যালয়ত পঢ়াশুনা কৰি বিশ্বৰ আগশাৰীৰ এটা মহাকাশ সংস্থাৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হোৱাতো জানো কম প্ৰাপ্তি!

কৈলাশাভাদীভু শিৱান

শনিবাৰে নিশা দেশবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকন্ঠাৰ অন্ত নাছিল। ১ বাজি ১৫ মিনিটৰ পৰাই নিজ নিজ আসনত বহি সাজু হৈছিল ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ সকলো কৰ্ম-কৰ্তা। আৰম্ভ হৈছিল বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ পৰা পোনপতীয়া সম্প্ৰচাৰ। মাজনিশাৰ লৈকে সমগ্ৰ দেশসবাসী সাৰে থাকিল ভাৰতৰ এই ঐতিহাসিক মুৰ্হূত উপভোগ কৰিবলৈ।

ইছৰ'ৰ কাৰ্যালয়

শনিবাৰে নিশা ১ বাজি ৩৭ মিনিটৰ পৰা আৰম্ভ হৈছিল চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰম অৱতৰণৰ প্ৰক্ৰিয়া। সফলতাৰে চন্দ্ৰৰ বুকুলৈ আগবাঢ়িছিল বিক্ৰম। ইছৰৰ কাৰ্যালয়ৰ চৌহদ গুঞ্জৰিত হৈছিল কৰ্মকতা সকলৰ হাত চাপৰিয়ে। কিন্তু হঠাতে নিমাওমাও পৰিৱেশে বিৰাজ কৰিছিল কাৰ্যালয়ৰ চৌহদ। অধ্যক্ষ কে শিৱনে প্ৰধানমন্ত্ৰীৰ কাষত গৈ কলে কিছু কথা। ইয়াৰ কেইমুৰ্হূতমানৰ পাছতে ইছৰ'ৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে চন্দ্ৰপৃষ্ঠত অৱতৰণলৈ প্ৰায় ২.১ কিঃমিঃ বাকী থাকোতেই বিক্ৰমৰ সৈতে বিচ্ছিন্ন হৈছে সংযোগ।

বেছি সময় নাছিল

এয়া আজি শনিবাৰৰ মাজনিশাৰ কাহিনী। ভাৰতীয় বৈজ্ঞানিকসকলক সাহস দিয়াৰ উদ্দেশ্য শনিবাৰে পুৱা ইছৰো কাৰ্যালয়ত পুণৰ উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী। দেশবাসীক সম্বোধন কৰি ইছৰৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ মুৰ্হূতত প্ৰধানমন্ত্ৰীৰ বুকুত মুৰ গুজিঁ হুকহুকাই কান্দি উঠিল অধ্যক্ষ কে শিৱন। প্ৰধানমন্ত্ৰীয়েও হঠাতে সন্মুখীন হোৱা এই পৰিস্থিতিত হৈ পৰিল আৱেগিক। নিমিষতে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিল এই দৃশ্য।

আবেগিক কে শিৱান

বিশ্বৰ আগশাৰীৰ এটা মহাকাশ সংস্থাৰ এজন অধ্যক্ষৰ এই আৱেগিক দৃশ্যই দেশবাসীৰ অন্তৰ-আত্মা চুঁই গৈছে। তেওঁৰ এই অৱস্থাই যেন সমগ্ৰ দেশবাসীক উমান দি গল, কিমান একাগ্ৰতা আৰু কষ্টৰ ফচল আছিল চন্দ্ৰাভিযান। শুকুৰবাৰে নিশা এক সাক্ষাৎকাৰত কে শিৱনে কৈছিল, চন্দ্ৰযান-২ৰ যাত্ৰা কেৱল এটা প্ৰকল্প নহয়। ই ভাৰতবাসীৰ আশা আৰু সপোন। এই সপোনক সাকাৰ ৰূপ দিবৰ বাবেই আমি দিনে-ৰাতিয়ে কষ্ট কৰিছো।

হাতত বিক্ৰমৰ আৰ্হি লৈ কে শিৱান

দৰাচলতে চন্দ্ৰযান-২ৰ দৰেই ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি এই স্থানত উপনীত হৈছে কে শিৱান। কৃষকৰ পৰিয়ালৰ পৰা ইছৰ'ৰ অধ্যক্ষ পদৰলৈকে শিৱনৰ আছে এটা ৰোমাঞ্চকৰ জীৱন যাত্ৰা। আহকচোন আজি তেওঁৰ জীৱনৰ সম্পৰ্কে জানো কিছু কথা।

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ প্ৰান্তীয় জিলা কন্যাকুমাৰীৰ চাৰাক্কালভিলাই গাৱঁৰ এটা খেতিয়কৰ পৰিয়ালত জন্ম হৈছিল কে শিৱানৰ। তেওঁৰ সম্পূৰ্ণ নাম আছিল কৈলাশাভাদীভু শিৱান। ১৯৫৭ চনৰ ১৪ এপ্ৰিলত জন্ম হোৱা শিশুটিক পৰিয়ালৰ সকলো লোকে নাম দিছিল শিৱান। প্ৰাৰম্ভিক শিক্ষা তেওঁৰ চৰকাৰী স্কুলত তামিল মাধ্যমত আৰম্ভ হৈছিল। পঢ়াৰ সমান্তৰালভাৱে পিতৃৰ সৈতে খেতিৰ কামো কৰিছিল শিৱানে। পঢ়াত ভাল আছিল শিৱন, পৰিয়ালৰ লোকেও শিৱনৰ পঢ়াৰ প্ৰতি আগ্ৰহ দেখি সকলোপ্ৰকাৰে উৎসাহিত কৰিলে তেওঁক।

আৰ্থিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সত্ত্বেও শিৱনে নাগেৰকোৱেলৰ এছ টি হিন্দু কলেজৰ পৰা গণিতত অনাৰ্চ লৈ বি এছ চি সাং কৰে। বি এছ চিত তেওঁৰ ১০০ শতাংশ নম্বৰেৰ উৰ্ত্তীণ হৈছিল। পিছলৈ ১৯৮০ চনত শিৱান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা এৰ'নেটিক্স ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম স্নাতক আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

শৈশৱতে শিৱান

এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাচত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ পৰে। ২০০৬ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। লাহে তেওঁৰ কৰ্মই ইছৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয়। ২০১১ চনত তেওঁ জি এছ এল ভি প্ৰকল্পৰ নিৰ্দেশক হিচাপে নিযুক্তি লাভ কৰে। ইছৰলৈ তেওঁৰ যোগদানৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত চনত বিক্ৰম সাৰাভাই স্পেচ চেন্টাৰৰ নিৰ্দেশক হিচাপে নিযুক্তি দিয়া হয়। অৱশেষত ২০১৮ চনত ১৫ জানুৱাৰীত কে শিৱানক ইছৰৰ অধ্যক্ষ আসনত অধিষ্ঠিত হয়। তেওঁ ইণ্ডিয়ান নেচনেল একাডেমী অফ ইঞ্জিনীয়াৰিং, এৰ'নটিকেল ছচাইটি অফ ইণ্ডিয়া আৰু চিষ্টেম ছচাইটি অফ ইণ্ডিয়াৰো সন্মানীয় সদস্য।

কলেজীয়া জীৱনৰ ফটো

১৯৮২ চনত ইছৰৰ সৈতে চামিল হোৱাৰ পাছত কে শিৱান সকলো অভিযানৰ সৈতে ওতঃপোত ভাৱে জড়িত আছে। ৰকেট নিৰ্মাণকাৰী বিক্ৰম সাৰাভাই স্পেচ চেন্টাৰৰ নিৰ্দেশক হিচাপে যোগদান কৰাৰ পাচত পি এছ এল ভি, জি এছ এল ভিৰ দৰে ৰকেট উৎক্ষেপনৰ সৈতে জড়িত আছিল কে শিৱান। ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপ ৰকেট ইঞ্জিনৰ উন্নয়ন সাধন কৰাৰ বাবে তেওঁক "ৰকেট মানৱ" বুলিও অভিভিত কৰা হয়। ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত ভাৰতে ১০৪ টা উপগ্ৰহ প্ৰক্ষেপন কাৰ্যসূূচীতো কে শিৱন ভূমিকা আছিল উল্লেখনীয়।

বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ খবৰ ঘোষণা

২০১৯ৰ ১৫ জুলাইত যান্ত্ৰিক বিজুতিৰ বাবে চন্দ্ৰযান-২ৰ যাত্ৰাৰ কিছুসময়ৰ পূৰ্বে বাতিল কৰিব লগা হৈছিল। ইয়াৰ পাচতে কে শিৱনে তৎক্ষণাত এটা উচ্চস্তৰীয় দল গঠন কৰিছিল। এই দলটোৱেই ২৪ ঘন্টাৰ ভিতৰত ঠিক কৰিছিল চন্দ্ৰযান-২ ৰ যান্ত্ৰিক বিজুতি। প্ৰধানমন্ত্ৰীয়েও কে শিৱানৰ এই কাৰ্যক মন কী বাতৰ জৰিয়তে প্ৰশংসা কৰিছিল।

আৰ্থিক অভাৱৰ মাজতেই ভৱিষ্যতৰ ৰঙীণ সপোন দেখিছিল কে শিৱনে। খেতি পথাৰত কোনো শ্ৰমিকক নিয়োগ কৰিবৰ বাবে পিতৃৰ সামৰ্থ নাছিল বাবেই পৰিয়ালৰ সকলোৱে কাম কৰিছিল পথাৰত। শৈশৱৰ সেই জীৱনক সোৱঁৰি কে শিৱানে বহু সাক্ষাৎকাৰত কৈছে- মোৰ শৈশৱ বিনা জোতা আৰু চেণ্ডেলেৰেই অতিবাহিত হৈছিল। কলেজত পঢ়ি থকাৰ সময়তো মই দেউতাক খেতিৰ কামত সহায় কৰিছিলো। কলেজলৈ মই ধূৰ্তি পিন্ধিয়ে অহা-যোৱা কৰিছিলো। এম আই টিলৈ যাওতেহে প্ৰথমবাৰ মই লংপেন্ট পৰিধান কৰিছিলো।

বন্ধুবৰ্গৰ সৈতে কে শিৱান

অশেষ কষ্টৰ মাজেৰে সফলতাৰ দুৱাৰত ভৰি থোৱাৰ পাচত কে শিৱানে আৰ পাচলৈ ঘূৰি চাব লগা হোৱা নাই। মহাকাশৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ লাভ কৰিছে বহু বঁটা, সন্মান। কে

শিৱানে লাভ কৰা বঁটা আৰু সন্মান সমূহঃ

শ্ৰী শ্ৰী ঔম আশ্ৰম প্ৰেৰিত ডঃ বিক্ৰম সাৰাভাই গৱেষণা বঁটা (১৯৯৯)

ইছৰ' মেৰিট এৱাৰ্ড (২০০৭)

ডঃ বীৰেন ৰায় মহাকাশ বিজ্ঞান বঁটা (২০১১)

সত্যভামা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী (২০১৪)

দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম এমআইটি এলুমিনি এছ'চিয়েচন, চেন্নাই

দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স, বেংগালুৰু (২০১৮)

তামিল নাডু চৰকাৰৰ ডঃ এ পি জে আব্দুল কালাম বঁটা (২০১৯)

মৃদুভাষী কে শিৱানে আজৰি সময়ত শুনি ভাল পায় তামিল ক্লাচিকেল সংগীত। তেওঁৰ প্ৰিয় ছবিখন হৈছে ৰাজেশ খান্নাৰ অভিনীত ১৯৬৯ত মুক্তি পোৱা ছবি আৰাধনা। শিৱানৰ প্ৰিয় ফুল হৈছে গোলাপ। তিৰুৱন্তপুৰমৰ কে শিৱানৰ বাসগৃহত আছে এখন গোলাপৰ বাগিছা।

এয়াই আছিল কে শিৱানৰ জীৱন যাত্ৰা। আৰ্থিক সমস্যাক আওকাণ কৰি আৰম্ভ কৰা জীৱন যুজঁত আজি সফল কে শিৱান। সমগ্ৰ বিশ্বৰ বিজ্ঞানী সমাজৰ মাজত আজি এটা উল্লেখনীয় নাম হৈছে কে শিৱান। চন্দ্ৰযান-২ তদাৰক কৰা এই বিজ্ঞানীগৰাকীৰ জীৱন সচাঁকৈয়ে চন্দ্ৰযানৰ যাত্ৰাৰ দৰেই ঘাত-প্ৰতিঘাতেৰে ভৰা।