অসম ছাত্ৰ পৰিষদৰ নেতা জ্যোতিস্মান মহন্ত আৰু নাই

অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্যোতিস্মান মহন্তৰ মঙলবাৰে নিশা মৃত্যু হয়। ৩ আগষ্টত নগাঁৱৰ পানীখাইটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মহন্ত ।

author-image
Asomiya Pratidin
New Update
94

ডিজিটেল সংবাদ, নগাঁও : অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্যোতিস্মান মহন্তৰ মঙলবাৰে নিশা মৃত্যু হয়। ৩ আগষ্টত নগাঁৱৰ পানীখাইটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মহন্ত ।

Advertisment

পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত নিশা তেওঁৰ মৃত্যু ঘটে। সৰবৰহী যুৱক তথা অগপৰ ছাত্ৰ সংগঠনৰ নেতা জ্যোতিস্মানৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, তেওঁ অসম জাতীয়তাবাদী যুৱ  - ছাত্ৰ পৰিষদৰ সক্ৰিয় কৰ্মী আছিল । বুধবাৰে তেওঁৰ নশ্বৰদেহ নগাঁও বিশ্ববিদ্যালয় আৰু নগাঁও জিলা অগপৰ কাৰ্যালয়লৈ অনা হয়।

এই অনুষ্ঠান কেইটাই মহন্তৰ নশ্বৰদেহত পুস্পাঞ্জলি অৰ্পন কৰি গভীৰ শোক প্ৰকাশ কৰে। নগাঁও চহৰৰ ৰত্নপুৰ নিবাসী মহন্তৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

অসম গণ পৰিষদ নগাঁও