/asomiyapratidin/media/media_files/2025/01/17/hLq8Y1xPW37CDJgiHxvT.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সোঁৱৰণত পানবজাৰস্থিত ডনবস্ক’ স্কুলত প্ৰথমবাৰৰ বাবে ‘জ্যোতিপ্ৰপাত’ নামেৰে আন্তঃবিদ্যালয় কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।
উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত অংশ লৈছিল মুঠ ১৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীযে । বিদ্যালয়খনৰ অসমীয়া বিভাগে আয়োজন কৰা এই অনুষ্ঠান অতি শৃংখলিত আৰু গাম্ভীৰ্যপূৰ্ণ আছিল । ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰিছিল ।
এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ এলেস্ক মেথিউক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত বিচাৰক হিচাপে যুৱবক্তা তাৰ্কিক নৱাৰূন কাশ্যপ আৰু আবৃত্তিকাৰ বক্তা অৰ্ণৱজ্যোতি তালুকদাৰৰ অংশগ্ৰহণে অনুষ্ঠানটো জীপাল কৰি তোলে ।
উল্লেখযোগ্য যে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পানবজাৰস্থিত ডনবস্ক’ স্কুলৰ সপ্তম শ্ৰেণীৰ সংস্কৃতি মহন্তই । সমান্তৰালভাৱে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে শ্ৰীমন্ত শংকৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতীম ভাগৱতী আৰু সৰলা বিৰলা জ্ঞানজ্যোতিৰ সপ্তম শ্ৰেণীৰ খ্যাতি শৰ্মাই ।ইয়াৰোপৰি উদগনিমূলক পুৰস্কাৰ লাভ কৰে মালিগাঁৱৰ ছেণ্টমেৰিজ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ভাৰ্গৱী শৰ্মা আৰু মহৰ্ষি বিদ্যামন্দিৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বৈভৱজ্যোতি বৰ্মনে।
কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী পাব্লিক স্কুলৰ ছাত্ৰী ধৃতিমানী দাসে । সমান্তৰালভাৱে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নৱম শ্ৰেণীৰ মৃগনভ দাস আৰু মহৰ্যি বিদ্যামন্দিৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ইশীকা শৰ্মাই । তাৰোপৰি ডনবস্ক’ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ভূমাশ্ৰী শৰ্মা আৰু মালিগাঁৱৰ ছেণ্টমেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৰ্ণাভা ডেকাই উদগনিমূলক বঁটা লাভ কৰিবলৈ সক্ষম হয় ।