ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। জংঘলৰে আৱৰি থকা এটা ঘৰ। ঘৰটোত মানসিকভাৱে সামান্য পৰিমাণে অসুস্থ পুত্ৰৰ সৈতে বাস কৰিছিল পুৰ্ণিমা দে’ নামৰ এগৰাকী বৃদ্ধা মহিলা। কিছুবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ বিয়োগ ঘটিছিল। তেতিয়াৰে পৰা মাতৃ-পুত্ৰই অকলেই বাস কৰি আহিছিল। মহিলাগৰাকীৰ মানসিকভাৱে অসুস্থ প্ৰায় ৩৬-৩৭ বছৰীয়া জয়দেৱ দে’ নামৰ পুত্ৰৰ আক্ৰমণাত্মক ব্যৱহাৰৰ বাবে ওচৰ-চুবুৰীয়াসকলেও ঘৰখনলৈ খা-খবৰ ল’বলৈ যাবলৈ ইতস্তঃতবোধ কৰিছিল।
আত্মীয়-স্বজনেও একেটা কাৰণতে ঘৰখনলৈ আহিবলৈ ভয় কৰিছিল। লাহে লাহে ঘৰটোৰ চৌহদ ভৰি পৰিছিল জংঘলেৰে। কথাটো সকলোৱে অলপকৈ মন কৰিছিল যদিও ব্যস্ত মহানগৰীত মানসিকভাৱে অসুস্থ এগৰাকী লোক থকা ঘৰখনৰ ভিতৰত কি চলি আছে সেয়া তন্ন-তন্নকৈ চাবলৈ কোনোৱেই আগ্ৰহো অনুভৱ কৰা নাছিল। দুই-এজনে পদুলিলৈ ওলাই অহা ল’ৰাজনক মাজে-সময়ে মাতৃৰ খা-খবৰ সুধিলেও ভালেই আছে বুলি কৈছিল। কিন্তু এমাহ-দুমাহ নহয়, তিনিমাহ ধৰি মহিলাগৰাকীক বাহিৰলৈ ওলোৱা নেদেখি তথা চৌহদত জংঘলৰ পৰিমাণ বাঢ়ি অহাত এজন সচেতন লোকে লক্ষ্মী পূজাৰ পিছদিনা বাটত ৰৈ থকা ল’ৰাজনক এই বিষয়ে প্ৰশ্ন কৰে।
চৌহদত বাঢ়ি অহা জংঘলখিনি কিয় ছাফ-চিকুণ কৰা নাই বুলি প্ৰশ্ন কৰাত ল’ৰাজনে অকলে কেনেকৈ ছাফা কৰিম বুলি উত্তৰ দিয়ে। তেতিয়া লোকজনে মাক থাকোতে কেনেকৈ অকলশৰীয়া হ’ল বুলি কয়। লোকজনৰ কথাত ল’ৰাজনে মাক বহুদিন আগতেই দেউতাকৰ ওচৰলৈ গুচি গ’ল বুলি মন্তব্য কৰে। ল’ৰাজনে মাক দেউতাকৰ ওচৰলৈ গুচি যোৱা বুলি কোৱা কথাটোক লৈ সচেতন লোকজনৰ মনত সন্দেহ ঘনীভূত হৈ উঠে। লগে লগে তেওঁ চুবুৰীয়া মহিলা এগৰাকীক মাতি আনে আৰু সন্দেহৰ বিষয়ে বিৱৰি কৈ বৃদ্ধা মহিলাগৰাকীৰ কোনো আত্মীয়ক চিনি পাই নেকি বুলি সোধে।
মহিলাগৰাকীয়ে তেতিয়া দুগৰাকী আত্মীয়ক চিনি পাও বুলি কৈ ফোনযোগে মাতিব বুলি জনায়। ফোনযোগে মতাৰ পিছত আত্মীয় দুগৰাকী আজি দুপৰীয়াৰ ভাগত সেই ঠাইত উপস্থিত হোৱাত সচেতন লোকজনে বিষয়টোক লৈ আলোচনা কৰে। ঘৰখনলৈ কিয় নাযায় বুলি সোধাত আত্মীয় দুগৰাকীয়ে জনায় যে গ’লেই ল’ৰাটোৱে মাৰিবলৈ খেদি আহে বাবেই নাযায়। লগতে ফোন কৰিলে মাক ঠিকেই আছে বুলি কয় বাবেও কথাটো বেলেগকৈ ভবা নাছিল বুলিও জানিবলৈ দিয়ে। এনে অৱস্থাৰ কথা জানিব পাৰি আৰক্ষী বিভাগত কৰ্মৰত সচেতন লোকজনে আত্মীয় দুগৰাকীক আৰক্ষীক খবৰ দিবলৈ পৰামৰ্শ আগবঢ়ায়।
উক্ত পৰামৰ্শ অনুযায়ী মহিলাগৰাকীৰ ভাতৃ আৰু আন এগৰাকী আত্মীয়ই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ল’ৰাজনক নিয়ন্ত্ৰণত ৰাখি জপনাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰোতেই বৃদ্ধাগৰাকীৰ কংকাল প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে ইতিমধ্যে কংকালটো উদ্ধাৰ কৰি ফৰেনছিক আৰু মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।
ঘটনা সন্দৰ্ভত মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ আৰু সহযোগত ল’ৰাজনক সোধা-পোছাৰ ব্যৱস্থা কৰা হ’ব বুলিও জনাইছে ফটাশিল আৰক্ষীয়ে। এনেদৰে এতিয়া সমগ্ৰ ঘটনাটোৱে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে। প্ৰকৃততে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, এয়া স্বাভাৱিক নে কি সেই সকলো আৰক্ষীৰ অধিক তদন্ততহে ওলাই পৰিব।