বায়ু সেনা, স্থল সেনা আৰু নৌ-সেনাৰ যুটীয়া সংবাদমেল LIVE

বায়ু সেনা, স্থল সেনা আৰু নৌ-সেনাৰ যুটীয়া সংবাদমেল LIVE

author-image
asomiyapratidin
New Update
বায়ু সেনা, স্থল সেনা আৰু নৌ-সেনাৰ যুটীয়া সংবাদমেল LIVE

  • নতুন দিল্লীত স্থল, নৌ আৰু বায়ু সেনাৰ যুটীয়া সংবাদমেল।
  • এয়াৰ ভাইচ মাৰ্শ্বেল আৰ জে কি কাপুৰে জনালে-
  • "পাকিস্তান বায়ু সেনাই বোমা নিক্ষেপ কৰিছিল।'
  • 'কিন্তু কোনো ক্ষতি কৰিব নোৱাৰিলে ভাৰতৰ।'
Advertisment
  • 'ভাৰতীয় বায়ু সেনাই মিগ-২১ এয়াৰক্ৰাফ্টেৰে ভূপতিত কৰিছিল পাকিস্তানৰ এফ-১৬ বিমানখন।
  • 'এই বিমানখনৰ ধ্বংশাৱশেষ ভাৰতৰ ভূমিতে উদ্ধাৰ হৈছে।'
  • 'পাকিস্তানে মুকলি কৰি দিব উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক।'
  • 'পাকিস্তানে এফ-১৬ বিমানেৰে ভাৰতক আক্ৰমণৰ চেষ্টা চলোৱা বহু তথ্য আছে।'
  • 'এই বিমানখনৰ ধ্বংৱাশেষ ৰাজাৱৰী ছেক্টৰত উদ্ধাৰ হৈছে।'
  • নৌ সেনাৰ এডমিৰেল ডি এছ গুজৰালে সম্বোধন কৰে সংবাদমেল।
  • নৌ সেনা বিষয়াগৰাকীৰ দাবী-
  • আমাৰ নাগৰিকৰ নিৰাপত্তাৰ বাবে সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু।
  • 'পাকিস্তানে ভাৰতীয় সেনাক লক্ষ্য কৰি লৈছে।'
  • মেজৰ জেনেৰেল সুৰেন্দৰ সিং মাহালে সম্বোধন কৰে সংবাদমেল।
  • সেনা বিষয়াগৰাকীৰ ঘোষণা-
  • 'দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে পাকিস্তানে।'
  • 'আমি সেই সন্ত্ৰাসবাদী ঘাটি সমূহক লক্ষ্য কৰি লৈয়ে থাকিম।'
  • বায়ু সেনা বিষয়াগৰাকীক সোধা হৈছিল- কিমান লোক হতাহত হৈছিল বায়ু সেনাই চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকত?
  • বায়ু সেনা বিষয়াগৰাকীৰ দাবী- এতিয়াই সেই সংখ্যা কোৱাটো সম্ভৱ নহয়, কিন্তু তাত আমি ভাল ফলাফল পাইছো।
  • 'আমি পাকিস্তানক আক্ৰমণৰ বাবেও সাজু, আৰু তেওঁলোকক উত্তৰ দিবৰ বাবেও প্ৰস্তুত আছো।'

স্থল, বায়ু আৰু নৌ সেনা বিষয়াৰ যুটীয়া সংবাদমেল LIVE-